শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ ৩০ মে : শিৱসাগৰ নগৰৰ নিচেই কাষৰীয়া ২নং চাউলকৰা বামবাৰী গাঁৱৰ এজন সেনাৰ যোৱানৰ মৃত্যয়ে অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে | জানিব পৰা মতে বৰ্তমান কাশ্মীৰত কৰ্মৰত সেনাৰ যোৱানজন কি পৰিস্থিতিত পৰি মৃত্যুক আকোৱালী ললে তাক সঠিক খবৰ ইতিমধ্যে পৰিয়ালটোৱেও দিবলৈ অসমৰ্থ | শিৱসাগৰৰ ২নং চাউলকৰা বামবাৰী গাৱৰ শ্ৰী কমল লাহন আৰু জুৰী লাহনৰ জেষ্ঠ পুত্র ভাৰতীয় সেনাৰ মৃত যোৱান ৰাজীৱ লাহনে যোৱা ২০০৭ চনত সেনাৰ যোৱান ৰূপে চাকৰিত অংশগ্ৰহন কৰিছিল | অতী মৰম লগা মুখৰ মৃত যোৱান ৰাজীৱ লাহনে  ২০১৩  চনত চায়ামণী লাহনৰে বিবাহ পাশত আবদ্ধ হৈ তেওঁলোকৰ মাজলৈ সম্প্ৰতি ৫ বছৰীয়া  ইলিষ্টিনা লাহন আৰু ৩ বছৰীয়া আলীয়া লাহনক পুত্ৰী ৰূপে পাত্র সুখেৰে জীৱন কাল পাৰ কৰি আহিছিল | পৰিয়লটোলৈ কালি আবেলি ৪ মান বজাত হঠাৎ নামি আহিন কাল অমানিশা | সেনাৰ তৰফে বিয়লি ৪ মান বজাত এটা ফোনকলেই ২নং চাউলকৰা বামবাৰীৰ কমল লাহনৰ পৰিয়ালটোলৈ আনিলে সেই কোনো দিনে  নিবিচৰা মৰ্মান্তিক তথা বেদনাদায়ক  ৰাজীৱ লাহনৰ মৃত্যুৰ খবৰ | সেনাৰ পৰা পোৱা খবৰ অনুসৰি ৰাজীৱ লাহনৰ মৃতদেহ অহা কালিলৈ অথাাৎ ৩১ মেত স্বগৃহ পাবহি বুলি পৰিয়ালৰ সুত্রে জানিব পৰা গৈছে | যোৱানজন কি ঘটনাৰ ফলশ্ৰুতিত  কেনেকৈ মৃত্যু হল মৃতদেহ গৃহ আহি পোৱাৰ পাছতহে সবিশেষ জানিব পৰা যাব যদিও সম্প্ৰতি ২নং চাউলকৰা বামবাৰী গাৱৰ কমল লাহনৰ গৃহৰ লগতে অঞ্চলটোত ৰাজীৱৰ তেনে অৱাঞ্চিত মৃত্যুৰ ঘটনাৰ খবৰে  গভীৰ শোকৰ ছাঃ বিৰাজ  কৰিছে | 

শিৱসাগৰৰ পৰা অপূৰ্ব্ব ভূঞা  ফাৰ্ষ্ট নিউজ ৰিপৰ্ট

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা