প্ৰতিভাৱান এথলেটিকছ প্ৰশিক্ষক ৰুমী ৰয় চৌধুৰীৰ মহানুভৱতা
ক'ৰোনা ভাইৰাছ প্ৰতিহত কৰাৰ বাবে যিমানেই লক্ ডাউনৰ কাৰ্যসূচী বাঢ়ি গৈ আছে সিমানেই খেলুৱৈৰ দুৰ্দশা বাঢ়ি গৈ আছে। ৰাজ্যৰ অন্যতম ক্ৰীড়া সংগঠন পূব নলবাৰী ক'চিং চেণ্টাৰে এই দুৰ্যোগৰ সময়ত খেলুৱৈৰ ওচৰত থিয় হৈ বিভিন্ন প্ৰকাৰে সহায়-সহযোগিতা আগবঢ়াই অলপ হ'লেও সকাহ দিয়াৰ বাবে অহোপুৰুষাৰ্থ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই বাতৰি নিয়মীয়াকৈ প্ৰকাশ হৈ থকাৰ বাবে আন এগৰাকী প্ৰতিভাৱান এথলেটিকছ প্ৰশিক্ষক তথা পাণ্ডু আদৰ্শ বিদ্যালয়ৰ শাৰীৰিক শিক্ষা নিৰ্দেশক ৰুমী ৰয় চৌধুৰীয়ে নিজেই আগবাঢ়ি আহি ক'চিং চেণ্টাৰৰ ৩০ গৰাকী আৰ্থিকভাৱে দুৰ্বল খেলুৱৈ পৰিয়ালৰ মাজত কিছু খাদ্য সামগ্ৰী যোগান ধৰে। আলু ২ কেজি, মিঠাতেল ১ লিটাৰ, আটা ২ কেজি, চাবোন ১ পিচ ইত্যাদি বিতৰণ কৰি খেলুৱৈসকলক ঘৰতে থাকি অনুশীলন অব্যাহত ৰাখিবলৈ পৰামৰ্শ আগবঢ়ায়। প্ৰাক্তন এথলিটগৰাকীৰ হৈ খাদ্য সামগ্ৰীসমূহ বিতৰণ কৰে পূব নলবাৰী ক'চিং চেণ্টাৰৰ সভাপতি দীপক কুমাৰ দাস আৰু সম্পাদক হিতেশ দাসে।
*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*
Comments
Post a Comment