শদিয়াৰ পৰা চতিয়াত উপস্থিত হ’লহি বিধায়ক বলীন চেতিয়া

বিধায়ক পদ্মক প্ৰশংসা বলীন চেতিয়াৰ৷
#কন্যকা’ৰ আৰ্হি শদিয়াত প্ৰয়োগ কৰাৰ চিন্তা বিধায়কগৰাকীৰ ৷

ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,২১ মে' : চতিয়াৰ কন্যকা বহুমুখী কৃষি পাম পৰিদৰ্শন কৰিবলৈ সদলবলে শদিয়াৰপৰা আহি আজি চতিয়া পালেহি বিধায়ক বলীন চেতিয়া৷বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা কন্যকা বহুমুখী কৃষি পামে ইতিমধ্যে ৰাজ্যজুৰি চৰ্চা লাভ কৰাৰ সময়তে বিধায়ক বলীন চেতিয়াও আজি পামখনত উপস্থিত হৈ অভিভুত হৈ পৰে৷জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ দাঁতিচৰত দুহেজাৰ বিঘা মাটিত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা কন্যকা বহুমুখী কৃষি পামৰ জৰিয়তে বহু নিবনুৱাই কৰ্মসংস্থাপনৰ পথ লাভ কৰাৰ উপৰিও পামখনত উৎপাদিত কৃষিজাত সামগ্ৰীয়েও ইতিমধ্যে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে৷ইয়াৰোপৰি কন্যকা বহুমুখী পামতেই গো-পালন,গাহৰী পালন,মৎস্য পালনৰ জৰিয়তে বহু নিবনুৱা কৰ্মমুখী হোৱাৰ উপৰিও গাখীৰ,মাছ,মাংস বিক্ৰী কৰিও স্বাৱলম্বিতাৰ পথ বিচাৰি পাইছে৷তাৰোপৰি চাৰিশ গোট গঠণ কৰি ৪ হাজাৰ যুৱকেও কন্যকাৰ জৰিয়তেই স্বাৱলম্বিতাৰ পথ বিচাৰি পাইছে৷যাৰবাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিভিন্ন লোকৰ লগতে মন্ত্ৰী বিধায়কসকলেও বিধায়ক পদ্ম হাজৰিকাৰ প্ৰচেষ্টাত গঢ় লোৱা পামখন পৰিদৰ্শন কৰিবলৈ আগবাঢ়ি আহিছে৷কন্যকাত আজি উপস্থিত হৈ অভিভুত হৈ পৰা বিধায়ক বলীন চেতিয়াই সাংবাদিকৰ আগত কয় যে শদিয়া এখন কৃষিপ্ৰধান ঠাই আৰু শদিয়াৰ কৃষকসকলে যথেষ্ট কষ্ট স্বীকাৰ কৰে যদিও উৎপাদিত সামগ্ৰীৰ উচিত মূল্য নাপায়৷চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই সু-সংগঠিত ৰূপত যুৱকসকলক একত্ৰিত কৰি যিদৰে কৃষিকৰ্মৰ প্ৰতি যুৱপ্ৰজন্মক আগ্ৰহি কৰি তুলিছে সেয়া আদৰ্শস্বৰূপ বুলি সাংবাদিকৰ আগত বিধায়ক বলীন চেতিয়াই উল্লেখ কৰি চতিয়া সমষ্টিৰ কন্যকাৰ আৰ্হিত শদিয়াতো এনে প্ৰচেষ্টা হাতত লোৱাৰ উদ্দেশ্যৰেই কন্যকা পৰিদৰ্শন কৰিবলৈ অহা বুলিও ব্যক্ত কৰে বিধায়কগৰাকীয়ে৷ইয়াৰোপৰি এনে আৰ্হি প্ৰয়োগ কৰিলে চতিয়াৰ দৰেই শদিয়াৰ কৃষকসকলেও উৎপাদিত সামগ্ৰীৰ উচিত মূল্য পাব বুলি আশা কৰে বিধায়ক বলীন চেতিয়াই৷উল্লেখ্য যে দুকুৰি যুৱকক লগত লৈ অহা বিধায়ক বলীন চেতিয়াই কন্যকাৰ উৎপাদিত খাটি সৰিয়হৰ মিঠাতেল,গামোছা,গো-পালন,ম’হ পালন,মৎস্য পালনকে ধৰি প্ৰতিটো উৎপাদিত সামগ্ৰী আৰু প্ৰত্যেকটো  পদ্ধতিৰ পুংখনুপুংখভাৱে পৰ্য্যবেক্ষণ কৰে৷আনহাতে এইদৰে বিধায়কগৰাকী শদিয়াৰপৰা চতিয়া সমষ্টিলৈ  কন্যকাৰ কামকাজ স্বচক্ষে চাবলৈ অহাৰ বাবে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই আনন্দ প্ৰকাশ কৰাৰ লগতে শদিয়াতো বিধায়কগৰাকীয়ে কন্যকাৰ পদ্ধতি প্ৰয়োগ কৰাৰ চিন্তাচৰ্চাক আদৰণি জনায় চতিয়াৰ বিধায়কগৰাকীয়ে৷জোন বৰা,জামুগুৰিহাট।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা