বঙাইগাঁওৰ চাপৰাকাটাত পথ দুৰ্ঘটনা

ৰাষ্ট্ৰীয় ঘাই পথতৰ ওপৰতে বাগৰি পৰিল ৰন্ধন গেছৰ টেংকাৰ  

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত চালক  


বঙাইগাঁওঃ ১৮ মেঃ বঙাইগাঁও জিলাৰ চাপৰাকাটাত আজি বিয়লি এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয় । জিলাখনৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথ(চি)ৰ চাপৰাকাটা সেনা চাউনিৰ ওচৰত সংঘটিত হয় এই দুৰ্ঘটনাটো । জানিব পৰা মতে পশ্চিম বংগৰ পৰা অহা এন এল ০১ এএ-১৮৮৫ নম্বৰৰ ৰন্ধন গেছ কঢ়িয়াই অনা টেংকাৰ (কেপচুল) খন বিয়লি ২-৪৫ মান বজাত গুৱাহাটীৰ দিশে গৈ থকা অৱস্থাত হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ মাজৰ ডিভাইডাৰত খুন্দা মাৰি পথৰ ওপৰত
বাগৰি পৰে ৷ ইপিনে দুৰ্ঘটনাৰ ফলত টেংকাৰখন ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত পথালিকৈ বাগৰি পৰাত পথছোৱাৰে বহু সময় ধৰি যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰে ৷ ইপিনে ৰন্ধন গেছ কঢ়িয়াই অনা ট্ৰেংকাৰখন বাগৰি পৰাৰ পাছতে টেংকাৰখনৰ পৰা পথটোত পদাৰ্থ(লিকুয়িফাইড) নিগৰি পৰাত জুই লগাৰ শংকাত অঞ্চলটোৰ ৰাইজ শংকিত হৈ পৰে । এই ঘটনাৰ খবৰ লাভ কৰি চিৰাং জিলাৰ ঢালিগাঁৱত অৱস্থিত বঙাইগাঁও শোধনাগাৰৰ পৰা বিশেষজ্ঞৰ দল এটি দুৰ্ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত ৰন্ধন গেছৰ টেংকাৰখন পৰীক্ষা কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি অঞ্চলটোত সম্ভাৱ্য 
অগ্নিকাণ্ডৰ পৰা ৰক্ষা কৰে ৷ উল্লেখ্য যে দুৰ্ঘটনাটোত টেংকাৰখনৰ চালক বিহাৰৰ ভগৱানপুৰৰ সঞ্জয় কুমাৰ (৩৭) গুৰুতৰ ভাৱে আহত হয় । পিচত বঙাইগাঁও আৰক্ষীয়ে  চালক জনক বঙাইগাঁও স্বাগত হাস্পতালত ভৰ্তি কৰাই 
চিকিৎসাৰ ব‍্যৱস্থা কৰে ৷ বঙাইগাঁও আৰক্ষীয়ে ৰন্ধন গেছ  কঢ়িওৱা টেংকাৰখন  পশ্চিম বংগৰ পৰা গুৱাহাটীলৈ গৈ আছিল বুলিও জানিবলৈ দিয়ে ৷ লক্ষণীয় যে ৰন্ধন গেছৰ দুৰ্ঘটনাগ্ৰস্ত টেংকাৰখনত  অগ্নিকাণ্ড সংঘটিত হ'লে ভয়ংকৰ
পৰিস্থিতিৰ সৃষ্টি  হ'লহেঁতেন যদিও সাম্ভাব্য বিপদৰ পৰা ৰক্ষা পৰে সকলো ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা