হাজোৰ সনাতন ডেকাৰ হত্যাকাৰীক গ্ৰেপ্তাৰ দাবীঃ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ

চাবুৱাঃ মানুহজনৰ নাম সনাতন ডেকা। ঘৰ হাজোৰ তেতেলিয়া গাঁৱৰ। পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া হাজোৰ সনাতন ডেকা নামৰ ৪৫ বছৰীয়া ব্যক্তিজনক আজি নৃশংসভাৱে হত্যা কৰে। এই ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰা মতে আন দিনাৰ দৰে ২২ মে’ত সনাতন ডেকাই পাচলি বিক্ৰীৰ বাবে নিজৰ চাইকেলখন লৈ ওলাই গৈছিল। কিন্তু হঠাৎ সনাতনে চাইকেলখনেৰে হাজোৰ মনাহকুছিত আব্দুল জলিল নামৰ ব্যক্তিজনৰ গাড়ীত খুন্দা মাৰে। ইফালে এইঘটনাক লৈ দুয়োৰে মাজত তৰ্কাতৰ্কিৰ সৃষ্টি হয়। এই ঘটনাৰ পিছতে সনাতন ডেকাৰ ওপৰত ফাইজুল আৰু জলিলে জঁপিয়াই পৰে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত চবিৰ আলী, ইউচুব আলী আৰু ফিৰজাহান আলী উপস্থিত হৈ পাঁচোজনে মিলি সনাতনক উপৰ্যুপৰি প্ৰহাৰ কৰে মূৰ আৰু বুকুত যথেষ্ট আঘাত পোৱা সনাতনে অৱশেষত কালি নিশা জি এন আৰ চি হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখ্য যে, এটা কোম্পানীত শ্ৰমিক হিচাপে কাম কৰা সনাতনে লক্ডাউনৰ সময়ত আৰ্থিক সংকটৰ বাবে পাচলিৰ ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছিল। সম্প্ৰতি নৃশংস হত্যাকাণ্ডটোক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিয়ে। বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ভবেন সোনোৱালে এক প্ৰেছ বিবৃতি যোগে কয় যে খিলঞ্জীয়া ওপৰত অত্যাচাৰ কৰা ঘটনাক সহ্য কৰা নহ’ব লগতে দোষীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিবলৈ অসম আৰক্ষীক দাবী জনাইছো। ইফালে ঘটনা সন্দৰ্ভত হাজো থানাত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে। পৰিয়ালৰ লোকে দাখিল কৰা ৪৮০/২০ নম্বৰৰ গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি ১২০ বি/৩০২ নম্বৰৰ ধাৰাৰ অধীনত গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে। সম্প্ৰতি আৰক্ষীয়ে হত্যাকাৰী কেইজনক বিচাৰি অভিযান আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা