দুৰ্যোগৰ ঈদঃ বঙাইগাঁৱত ঘৰে ঘৰে ঈদুল ফিতৰৰ নামাজ

বঙাইগাঁওঃ২৫ মেঃ কোৰোনা ভাইৰাছ প্ৰতিৰোধৰ পৰিপ্ৰেক্ষিতত চৰকাৰে গ্রহণ কৰা নীতিত অভূতপূর্ব সঁহাৰি জনাই বঙাইগাঁৱৰ মুছলমান সম্প্রদায়ৰ জনগণে সোমবাৰে ঈদুল ফিতৰৰ নামাজ নিজ নিজ ঘৰতে আদায় কৰে। উল্লেখ্য যে ত্যাগ আৰু আত্মসংযমেৰে এমাহ ৰমজানৰ ৰোজা পালন কৰাৰ অন্তত সোমবাৰৰ পুৱাৰ ভাগত ঈদুল ফিতৰৰ নামাজ আদায় কৰি পৰম আল্লাহ তায়ালাৰ ওচৰত তেওঁলোকে প্ৰাৰ্থনা কৰে। তেওঁলোকে লগতে বিশ্বত শান্তি প্ৰতিষ্ঠা,কোৰোনা মহামাৰীৰ পৰা মানৱ সমাজক ৰক্ষা কৰাৰ বাবেও আল্লাহৰ ওচৰত প্ৰৰ্থনা জনায় । ইপিনে লকডাউনৰ মাজতে উদযাপিত ঈদুল ফিতৰ উপলক্ষে লোকসকলে নিজ নিজ ঘৰত তেওঁলোকৰ সামৰ্থ অনুসৰি পায়স,চেৱাই, পিঠা-পনা, খিচিৰি আদি ব্যঞ্জনৰ আয়োজন কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা