দিহিং - পাটকাই বৰ্ষাৰণ্য খননৰ প্ৰতিবাদত প্ৰধানমন্ত্ৰীলৈ গ্ৰাছৰ স্মাৰকপত্ৰ

পলিমা চেতিয়া বসুমতাৰী,কাজিৰঙা.২৭মে’  
অসমৰ দিহিং - পাটকাই অভয়াৰন্য যাক পূবৰ আমাজন বুলিও কোৱা হয়। অসমৰ 
ডিব্ৰুগড়, তিনিচুকীয়া আৰু শিৱসাগৰ জিলাৰ ওপৰিও অৰুনাচল প্ৰদেশৰ টিৰাপ আৰু চাংলাং জিলালৈকে বৃহৎ অঞ্চল আগুৰা এই বৰ্ষাৰণ্য। এই বৰ্ষাৰণ্য খনত বিভিন্ন প্ৰকাৰৰ অৰ্কিড, উদ্ভিদ, হাতী, বাঘ, 
বান্দৰকে ধৰি বহুতো স্তন্যপায়ী প্ৰাণী, বিভিন্ন সৰীসৃপ প্ৰাণী, ৰং-বিৰংৰ বিভিন্ন প্ৰজাতিৰ পখিলা, দেও হাঁহ, ধনেশ পক্ষীকে ধৰি বহুতো চৰাই-চিৰিকটিৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ জৈৱবৈচিত্ৰ্যৰে ভৰপুৰ ।
পাৰিপাৰ্শ্বিক ৰক্ষা তথা প্ৰদূষণ ৰোধ কৰাৰ সহায়ক এই অভয়াৰন্য খনৰ অন্তগত চেলেকি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত " নেচনেল ব'ৰ্ড ফৰ ৱাইল্ডলাইফ " (NBWC) নামৰ চৰকাৰী সংস্থাটোৱে কয়লা খননৰ অনুমতি প্ৰদান কৰিছে আৰু লেখাপানী সংৰক্ষিত বনাঞ্চলত ক'ল ইণ্ডিয়া লিমিটেড কয়লা খননৰ অনুমতি  দিয়াক"গ্ৰাছ বোকাখাত " আৰু গ্ৰাছ কাজিৰঙা মৌজা শাখাই অভয়াৰন্য খনৰ এনে খননৰ তীব্ৰ বিৰোধিতা কৰি কয়যে এই খননৰ ফলত দিহিং পাটকাই অভয়াৰন্যৰ জৈৱবৈচিত্ৰ্যৰ ওপৰত প্ৰভাৱ পৰাৰ ওপৰিও জীৱকূলৰ প্ৰতি  ভাবুকি সৃষ্টি হব। জীৱজন্তু আৰু মানুহৰ মাজত আতংকৰ লগতে সংঘাত সৃষ্টি হব। জলবায়ু দূষিত হোৱাৰ ওপৰিও প্ৰদূষণ বাঢ়িব। 
গতিকে কয়লা খননৰ অনুমতি বাতিল কৰিবলৈ আৰু খননৰ অনুমতি প্ৰদান নকৰিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ আজি বোকাখাতৰ মহকুমাধিপতিৰ যোগেদি স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা