লাভ জেহাদ? সনাতন_ডেকাৰ_হত্যাকাণ্ডৰ_পিছত হাজোত অপহৰণৰ ঘটনা

সনাতন_ডেকাৰ_হত্যাকাণ্ডৰ_পিছত #হাজোত_অন্য_এক_অপহৰণৰ #ঘটনা★#ইছলামধর্মী #মােজামিলে(ৰানা) #হিন্দু_যুৱতী_মমীক #অপহৰণ◆১৯ দিনে কোনাে শুংসূত্র উলিয়াব পৰা নাই হাজো আৰক্ষীয়ে হাজোত অভিযন্তা যুৱতী নিৰুদ্দেশ
************************************
 #সনাতন_ডেকাৰ_হত্যাকাণ্ডৰ_পিছত #হাজোত_অন্য_এক_অপহৰণৰ #ঘটনাই  হাজোত এক আতংকময় সৃষ্টি কৰিছে ।কামৰূপ জিলাৰ তীর্থ নগৰী হাজোৰ চেচা গাঁৱৰ ধনীৰাম কলিতাৰ তথা এগৰাকী অভিযন্তা যুৱতী যুৱতী মমী কলিতা ৯ মে’ৰ পৰা সন্ধানহীন হৈ আছে । পৰিয়ালৰ সূত্রে যুৱতীগৰাকীক অপহৰণ কৰা হৈছে । সেইদিনা নিশা ৮ মান বজাত তাই হাতত ফোন লৈ নঙলা মুখলৈ ওলাই যায় । নিশা ৮.৩০ মান বজালৈ মমী ঘৰলৈ ওভতি নহাত পৰিয়ালৰ লােকে ওচৰ চুবুৰীয়াৰ ঘৰত বিচাৰিও কোনাে শুং - সূত্র উলিয়াব নােৱাৰি হতভম্ব হৈ পৰে । পাছ দিনিখন পুনৰ পৰিয়ালৰ লােকে আত্মীয়ৰ ঘৰত বিচাৰি নেপাই আৰু মমীৰ ফোনৰ চুইচ অফ পােৱাত পূৱ চেচা গাঁৱৰ ফুল মহম্মদ চৌধুৰীৰ পুত্র মােজামিল হক চৌধুৰী ওৰফে ৰাণাৰ মােবাইল ফোন কৰাত তেওঁৰাে ফোনৰ চুইচঅফ পােৱাত পৰিয়ালৰ লােকে মােজামিলেই মমীক অপহৰণ কৰা বুলি জানিব পাৰে । ১১ মে’ত পিতৃ ধনীৰাম কলিতাই হাজো আৰক্ষী থানাত মােজামিলৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে । ইফালে মমীৰ পিতৃয়ে জনােৱা মতে অভিযন্তা মমীৰ এগৰাকী সহপাঠী অভিযন্তাৰ সৈতে বিৱাহৰ যাে - জা চলি আছিল । সেইসূত্রে পিতৃ ধনীৰাম কলিতাই বিয়াৰ বাবে মমীৰ হাতত প্রায় তিনিলাখ মান টকা সাচি ৰাখিছিল । নিজৰ ল'ৰাৰ দৰে ভবা চুবুৰীৰে ইছলামধর্মী মােজামিলে টকাৰ মােহ সামৰিব নােৱাৰি হিন্দু যুৱতী মমীক অপহৰণ কৰা বুলি পিতৃয়ে সদৰী কৰে । লগতে আজি ১৯ দিনে হাজো আৰক্ষীয়ে অপহৰণকাৰীৰ কোনাে শুং - সূত্র উলিয়াব নােৱাৰি অকল এজাহাৰৰ ভিত্তিতে এক গােচৰ ৰুজু কৰিয়ে দায়িত্ব সামৰা বুলি ক্ষোভ উজাৰে পিতৃয়ে । ওচৰ - চুবুৰীয়াৰ মতে মমী,ৰাণাৰ লাভ জেহাদৰ বলি হৈছে । ৰাণাই টকাখিনিৰ বাবেই প্ৰেমৰ চলনাৰে মমীক অপহৰণ কৰা বুলি অভিযােগ কৰে পিতৃয়ে । মমীৰ পিতৃ - মাতৃয়ে এতিয়া কন্যাক বিচাৰি নাপাই দিশহাৰা হৈ পৰিছে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা