কাকডোঙা সাংবাদিক সংস্থাৰ প্ৰশংসনীয় পদক্ষেপ

গোলাঘাট, ২৪ মে :--- স্বাস্থ্যকৰ্মী , আৰক্ষীৰ লগতে এনে  সংকটৰ সময়ত ক'ৰণা যুদ্ধা হিচাপে অগ্ৰণী ভূমিকা পালন কৰি আহিছে সাংবাদিক সকলে । এই ব্যস্ততাৰ মাজতে বৃহত্তৰ কাকডোঙা সাংবাদিক সংস্থাক দেখা গ'ল গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা । বৃহত্তৰ কাকডোঙা সাংবাদিক সংস্থাৰ সাধাৰণ-সম্পাদক ৰুবুল শইকীয়া নেতৃত্বত কাকডোঙাৰ বহি : ৰাজ্যত কৰ্মৰত লোক সকল ঘৰলৈ অহা সময়ত কোৱাৰেণ্টাইনত ৰখাৰ  ব্যৱস্থা কৰিবৰ  বাবে কাকডোঙা গাঁও পঞ্চায়ত সমূহৰ সভাপতি, সচিব ৱাৰ্ড সদস্য-সদস্যা, চোমণি আৰক্ষী চকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, চোমণি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ স্বাস্থ্য বিষয়া সকলৰ লগতে স্থানীয় গাঁও বুঢ়া সকলৰ মাজত এখন জৰুৰী সভা অনুষ্ঠিত কৰা হয় । বৃহত্তৰ কাকডোঙা সাংবাদিক সংস্থাৰ তৰফৰ গোলাঘাট ৰেচম বিভাগৰ লগত আলোচনা কৰি চোমনি ৰেচম বিভাগৰ নৱ নিৰ্মিত এটি কোঠা প্ৰথম পৰ্য্যায়ত দহ জন ব্যক্তিৰ বাবে সুবিধা কৰা লগতে গোলাঘাট জিলা বিদ্যুৎ বিভাগৰ লগত আলোচনা কৰি বিদ্যুৎ ব্যৱস্থা কৰি দিয়া হয় । এই সভাতে কাকডোঙা মৌজাৰ ভিত্তিত কোৱাৰেণ্টাইন চেণ্টাৰ সমূহ তদাৰক কৰিব বাবে এখন তদাৰক সমিতি গঠন কৰা হয়‌। এই সমিতি দায়িত্ব দিয়া হয় ক্ৰমে মুখ্য পৃষ্ঠপোষক দেৰগাঁও ৰাজহ চক্ৰ বিষয়া, কাকডোঙা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, উপদেষ্টা মহিমা চাহ বাগিচাৰ জেষ্ঠ পৰিচালক প্ৰনৱজ্যোতি বৰঠাকুৰৰ, চোমণি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰিচালনা সমিতি সভাপতি ইন্দ্ৰ বৰা, বৃহত্তৰ কাকডোঙা সাংবাদিক সংস্থাৰ সম্পাদক আহমেদ হুছেইন, সভাপতি দক্ষিণ-পূৱ কাকডোঙা গাঁও পঞ্চায়তৰ সভাপতি, উপ-সভানেত্ৰী উত্তৰ-পশ্চিম কাকডোঙা গাঁও পঞ্চায়তৰ সভানেত্ৰী, কাৰ্য্যকৰী-সভাপতি বৃহত্তৰ কাকডোঙা সাংবাদিক সংস্থাৰ সাংবাদিক সংস্থা সাধাৰণ-সম্পাদক ৰুবুল শইকীয়া, সম্পাদক (যুটীয়া ভাৱে)  দক্ষিণ-পূৱ কাকডোঙা গাঁও পঞ্চায়তৰ সচিব, উত্তৰ-পশ্চিম কাকডোঙা গাঁও পঞ্চায়তৰ সচিব, সহকাৰী-সম্পাদক উত্তৰ-পশ্চিম কাকডোঙা গাঁও পঞ্চায়ত আঞ্চলিক সদস্য, দক্ষিণ-পূৱ কাকডোঙা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য  বিশেষ তদাৰক চোমণি আৰক্ষী চকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, সহকাৰী-তদাৰক কাকডোঙা সমূহ গাঁওৰক্ষী বাহিনী, কাকডোঙা মৌজা সকলো গাঁও বুঢ়া, চিকিৎসা তদাৰক চোমণি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, মাজুকুচী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য কৰ্মী সকল লগতে দুয়োখন গাঁও পঞ্চায়তৰ সকলো ৱাৰ্ড সদস্য-সদস্যাক সদস্য হিচাপে লোৱা হয় ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা