মাজুলী জিলা প্ৰশাসনৰ নিৰ্দেশৰ পাছতেই ৰেচন কাৰ্ড লাভ কৰি থকা মাজুলী জিলাৰ আৰ্থিক ভাৱে সবল অযোগ্য হিতাধিকাৰীৰে ঘূৰাই দিছে ৰেচন কাৰ্ড:প্ৰায় শতাধিক হিতাধিকাৰীলৈ জাননী প্ৰেৰণ

মাজুলী জিলা প্ৰশাসনৰ নিৰ্দেশৰ পাছতেই ৰেচন কাৰ্ড লাভ কৰি থকা মাজুলী জিলাৰ আৰ্থিক ভাৱে সবল অযোগ্য হিতাধিকাৰীৰে ঘূৰাই দিছে ৰেচন কাৰ্ড:প্ৰায় শতাধিক হিতাধিকাৰীলৈ জাননী প্ৰেৰণ:

পৰাণজ্যোতি বৰা, মাজুলী,৩০ মে':

মাজুলী জিলাত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (এনএফএছএ) আঁচনিৰ অধীনৰ পৰিয়াল পৰিচয় পত্ৰ (ৰেচন কাৰ্ড) আহৰণ কৰা আৰ্থিক ভাৱে সবল অযোগ্য হিতাধিকাৰীসকলৰ নাম কৰ্তনৰ মাজুলী জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰাৰ পাছতেই থৰকাচুটি হেৰুৱাইছে কাৰ্ড ভোগ কৰি থকা আৰ্থিক ভাৱে সবল অযোগ্য হিতাধিকাৰীয়ে।কিয়নো জিলাখনৰ অন্তৰ্গত সকলো সুলভ মূল্যৰ দোকানীক তেওঁলোকৰ অধীনৰ এনে অযোগ্য হিতাধিকাৰী পৰিয়ালসমূহক চিনাক্ত কৰি তেওঁলোকৰ নাম-তালিকা স্থানীয় গাঁওবুঢ়াৰ স্বাক্ষৰসহ মাজুলী জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগত জমা দিবলৈ অতিৰিক্ত উপায়ুক্ত (খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ)  নৰেণ দাসে নিৰ্দেশ জাৰি কৰাৰ লগেতে এনে অযোগ্য হিতাধিকাৰীসকলক স্বেচ্ছাই এই পৰিয়াল পৰিচয় পত্ৰ জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কাৰ্যালয়ত 
ঘূৰাই দিবলৈ  নিৰ্দেশ দিছিল। সেই নিৰ্দেশৰ পাছতেই এতিয়া মাজুলীৰ বহু আৰ্থিক ভাৱে সবল ৰেচন কাৰ্ড লাভ কৰি থকা হিতাধিকাৰীয়ে মাজুলীৰ উপায়ুক্ত কাৰ্যালয়ত থকা খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগত  নিজৰ ৰেচন কাৰ্ড সমুহ ঘূৰাই দিছেহি বুলি আজি বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰাত জানিবলৈ দিয়াৰ লগতে ইতিমধ্যে কাৰ্ড লাভ কৰি থকা  আৰ্থিক ভাৱে সবল অযোগ্য হিতাধিকাৰীলৈ কাৰ্ড ঘূৰি দিবৰ বাবে বিভাগৰ ফালৰ পৰা প্ৰায় শতাধিক খন জাননী প্ৰেৰণ কৰা হৈছে আৰু  কাৰ্ড লাভ কৰি থকা অযোগ্য হিতাধিকাৰী তথ্য পোৱা গৈছে বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

পৰাণজ্যোতি বৰা, মাজুলী।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা