ৰঙিয়া ৰে'ল জংচনৰ বুজ ল'বলৈ মাজ নিশা আহিল কামৰূপৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এন

ৰেলযাত্ৰীৰ সামগ্ৰিক ব্যৱস্থাপনা দাঙি ধৰিলে অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰে

প্ৰতিবেদক, ৰঙিয়া, ৩১মে: কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনে যোৱা মাজ নিশা ৰঙিয়া ৰেল ষ্টেচন প্ৰাঙ্গণত উপস্থিত হৈ বহি:ৰাজ্যৰ পৰা বিশেষ শ্ৰমিক ৰেলেৰে অহা দেশৰ বিভিন্ন প্ৰান্তৰ আবদ্ধ যাত্ৰীসকলৰ  সুবিধাৰ্থে প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থাপনাৰ বুজ লয় । উল্লেখ্য যে, উত্তৰ -পূব সীমান্ত ৰেলৱেৰ সদৰ কাৰ্য্যালয়, মালিগাঁৱৰ পৰা সদৰি কৰা মতে ৰঙিয়া জংচনত উত্তৰ-পূবলৈ অহা সকলো ৰেল ৰখোৱা হ'ব । মাজ নিশা ৰেল জংচনটোৰ অস্থায়ী পেণ্ডেলত উপস্থিত  হৈ কামৰূপৰ উপায়ুক্ত কৈলাশ কাৰ্তিকেনক ৰেলষ্টেচনত যাত্ৰীসকলৰ অৱতৰণৰ পিছত স্বাস্থ্যপৰীক্ষা, নাম পঞ্জীয়ন, জীৰণি চৰা,  যাতায়ত আৰু বাহনৰ বন্দবস্ত, নিৰাপত্তা, নিজ নিজ জিলালৈ প্ৰেৰণৰ ব্যৱস্থা, চেনিটাইজেচন , কোৱাৰেণ্টাইন আদি সকলো দিশৰ বিষয়ে ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰে বিস্তৃত বিৱৰণ দাঙি ধৰে । উপায়ুক্তৰ এই পৰিদৰ্শন কালত অতিৰিক্ত উপায়ুক্ত ডাঃ তালুকদাৰৰ সৈতে সহকাৰী আয়ুক্ত তথা ৰঙিয়া পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া চম্পক  ডেকা,  সহকাৰী আয়ুক্ত অপ্ৰতীম গোস্বামী, মহকুমা আৰক্ষী বিষয়া কংকণ কুমাৰ নাথ উপস্থিত থাকে । আনহাতে, ৰঙিয়া মহকুমাৰ তৰণীৰ  কভিড' - ১৯ আক্ৰান্ত  ব্যক্তিজনৰ অৱস্থাৰ বুজ লয় উপায়ুক্ত কৈলাশ কাৰ্তিক এনে । লগতে নিষিদ্ধ এলেকা ঘোষণা কৰা স্থানত আহ-যাহ বন্ধ কৰি চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰে ৰঙিয়া মহকুমা প্ৰশাসনে ।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা