নলবাৰীৰ শোলমাৰা শুকেকুছিৰ বানৰ সোঁতত কিশোৰৰ সলিল সমাধি*

নলবাৰীৰ শোলমাৰা শুকেকুছিৰ বানৰ সোঁতত কিশোৰৰ সলিল সমাধি*


*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ৩০ মে'*


 পশ্চিম নলবাৰীৰ অঞ্চলৰ শোলমাৰা শুকেকুছিত পানীত পৰি যোৱা শুকুৰবাৰে এটি শিশুৰ সলিল সমাধি হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ  পেলাইছে । ঘটনাৰ বিৱৰণীমতে শুকেকুছিৰ ধনতোলাত ক্ষুদ্ৰ খেতিয়ক  নুৰুল আলী আৰু মিনাআৰা বেগমৰ একমাত্ৰ পুত্ৰ মইদুল হ'কে(১৩) অঞ্চলটোত হোৱা বানপানী সমনীয়াৰ সৈতে প্ৰত্যক্ষ কৰিবলৈ গৈছিল । মূহূৰ্ততে শিশুটিক বানৰ পানীয়ে দ-খাৱৈলৈ উৰুৱাই লৈ যায়। পিছত শিশুটি কৰুণভাবে মৃত্যুক সাবটিবলগীয়া হয়। এই ঘটনাৰ প্ৰত্যক্ষদৰ্শীৰ চিঞৰ-বাখৰত ঘটনাস্থলী লোকে লোকাৰণ্য হৈ পৰে । একেলগে দুই তিনিজন লোকে পানীত নামি শিশুটিৰ সন্ধান কৰিও শিশুটিক বিচাৰি নাপালে । লগে লগে নলবাৰী জিলা সদৰৰ পৰা এচ ডি আৰ এফৰ লোক আহি ঘটনাস্থলীত উপস্থিত হয় যদিও একাংশ স্থানীয় লোকে  জাল টানি শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে । পিছত ঘটনাস্থলীত পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সমীৰ চৌধুৰী উপস্থিত হয় আৰু সলিল সমাধি ঘটা শিশুটিৰ শৱদেহ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰী অসমৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা