লক্ ডাউনৰ ফলত সৰ্থেবাৰী কাঁহ শিল্পৰ দুৰাবস্থা

চৰকাৰৰ সহায়ৰ অপেক্ষাত শিল্পীসকল*


*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ৩০ মে'*

অসমীয়া সমাজ ব্যৱস্থাৰ লগত ওতঃপ্ৰোত সম্বন্ধ থকা কাঁহ শিল্পৰ বিখ্যাত নগৰী  সৰ্থেবাৰী । অসমীয়া সমাজ-সংস্কৃতিৰ সকলো কলাখচিত শিল্প সৃষ্টি হয় কাহত। বঁটা আৰু শৰাই যাৰ দ্বাৰাই গুৰুজনাক শ্ৰদ্ধা জনোৱাতো অসমীয়া সমাজৰ গৌৰৱ। এই বঁটা অথবা শৰাইখনত সাজি লোৱা তামোল-পানেৰে অভ্যাগতক সন্মান আৰু আদৰণি জনাই অহংকাৰী হৈ উঠে অসমীয়া সমাজ ৷ বিয়াত কাঁহৰ সকলো বাচন দি কইণাজনীক এঘৰলৈ উলিয়াই দিয়াতোও যেন অন্যতম সংস্কৃতি ৷ 
কাঁহ শিল্পই কেবল অসমীয়া সমাজ সংস্কৃতিকে চহকী কৰি ৰখা নাই, বৰঞ্চ বিদেশতো লাভ কৰিবলৈ সক্ষম হৈছে এই সন্মান । সৰ্থেবাৰীৰ কঁহাৰে নিৰ্মাণ কৰা ভোৰতাল, ভূটীয়া তাল নেপাল, ভূটান, চীন, জাপান, ভিয়েটনাম, শ্ৰীলংকা আদিলৈ ৰপ্তানি কৰি বিশ্বত জিলিকিবলৈ সক্ষম হোৱা এই শিল্পই অসমীয়াৰ প্ৰতিখন ঘৰ শুৱনি কৰি ভিন্ ভিন্ ডিজাইনৰ সামগ্ৰীক নিত্য নতুন ৰূপ দি আহিছে। 
দুহেজাৰতকৈও অধিক কাঁহ শিল্পী জড়িত হৈ আছে
সৰ্থেবাৰীত এই কাঁহ শিল্পৰ সৈতে । অসমৰ গৌৰব তথা স্বাভিমান কাঁহ শিল্প নগৰী সৰ্থেবাৰী । অসম সমবায় কঁহাৰ সংঘ, সৰ্থেবাৰীৰ অন্তৰ্গত নামশলা, কৰাকুছি, আমৃখোৱাকে আদি কৰি মুঠ তিনিশখন গঢ়শালিৰে গঠিত এখন নগৰ সৰ্থেবাৰী । কিন্তু দিনে নিশাই কৰ্মত ব্যস্ত শিল্পীৰ  আজি যেন আৰ্থিক দৈন্যতা ৷ 
এইসকল শিল্পীৰো আছে একোখনকৈ সংসাৰ, একোটি পৰিয়াল ৷ আজি সৰ্বত্ৰে সমস্যা, তাৰ মাজতেই ব্যঘাত জন্মাইছে পৰিয়াল চলোৱাত কাঁহশিল্পৰ লগত জড়িত এইসকল লোকৰ ৷ লক্ ডাউনে জুৰুলা কৰিছে এইসকল কঁহাৰ শিল্পীৰ। লক্ ডাউনৰ ফলত যোগাযোগ বিচ্ছিন্ন হোৱাত কেঁচামাল আমদানি কৰাত অসুবিধাৰ সৃষ্টি হৈছিল এইসকল শিল্পীৰ যাৰ ফলত সময় থাকিও পৰা নাই কাম কৰিব। তাৰোপৰি উৎপাদন কৰা দুই এপদ সামগ্ৰীও পৰা নাই বিক্ৰী কৰিব। যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে এই কঁহাৰ শিল্পীসকল। উল্লেখনীয় যে সৰ্থেবাৰীৰ অনুপ্ৰেৰণাতেই সম্প্ৰতি গঢ় লৈ উঠিছে নলবাৰীৰ অময়াপুৰকে ধৰি কেইবাঠাইতো এনে বহুকেইখন গঢ়শালি ৷ এনে দুৰ্দিনৰ সময়ছোৱাত সৰ্থেবাৰীৰ এইসকল দুৰ্ভগীয়া কঁহাৰ শিল্পীয়ে চৰকাৰৰ ওচৰত দাবী জনাইছে তেওঁলোকক যাতে কিবা এটা ব্যৱস্থা কৰি দিয়ে।

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা