কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবীঃ মটক ছাত্ৰ সন্থাৰ

llচাবুৱাঃ নাগৰিকত্ব সংশোধনী আইন তথা কা' বিৰোধী আন্দোলনৰ অন্যতম নেতা তথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈক শীঘ্ৰে কাৰাগাৰৰ পৰা মুকলি কৰি দিয়াৰ বাবে ৰাজ্য চৰকাৰক দাবী উত্থাপন কৰিছে সদৌ অসম মটক ছাত্ৰ সন্থাই। এক প্ৰেছ বিবৃতিত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা যুগল বৰুৱা আৰু সভাপতি নিৰেণ শইকীয়াই কয় যে অখিল গগৈক সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে আক্ৰোশমূলকভাৱে সম্পূৰ্ণ ফেচীবাদী মনোভাৱেৰে কিছুমান মনে সজা ভিত্তিহীন গোচৰত কাৰাৰুদ্ধ কৰি ৰাখিছে৷ ৰাজ্য চৰকাৰে গণতান্ত্ৰিক আন্দোলনৰ পৰিভাষাক মাথো নৎসাৎ কৰাই নহয় অখিল গগৈৰ সৈতে চৰকাৰে ব্যক্তিগত ভাৱেও আক্ৰোশমূলক নীতি লৈ অন্যায় অবিচাৰ কৰিছে। সন্থাৰ নেতাদ্বয়ে কয় যে ৰাজ্যৰ সৰ্বানন্দ সোণোৱাল চৰকাৰখনৰ যদি তিলমানো গণতান্ত্ৰিক প্ৰমূল্যৰ প্ৰতি সন্মান আছে, তেনেহলে চৰকাৰে অখিল গগৈক শীঘ্ৰে কাৰাগাৰৰ পৰা মুকলি কৰি দিয়ক৷ আনহাতে, নেতাদ্বয়ে আক্ষেপেৰে কয় যে হত্যা, হিংসা, বিয়াগোম দুৰ্নীতি, ভ্ৰষ্টাচাৰ আদি গুৰুত্বৰ অভিযোগত অভিযুক্ত ব্যক্তিসকলক যিসময়ত মুকলি আকাশৰ তলত বিচৰণ কৰিছে তেনে সময়ত একমাত্ৰ দল আৰু চৰকাৰৰ নিজ স্বাৰ্থৰ বাবে অখিল গগৈক গণতান্ত্ৰিক আন্দোলন কৰাৰ অপৰাধত কাৰাৰুদ্ধ কৰাটো অত্যন্ত লজ্জাজনক আৰু দুভাগ্যজনক। তদুপৰি অখিল গগৈক একেটা অভিযোগত ৰাজ্যখনৰ বিভিন্ন থানাত পৃথকে পৃথকে গোচৰ ৰুজু কৰোৱাই ধাৰাবাহিক ভাৱে ৰাজ্যৰ বিভিন্ন কাৰাগাত ঘুৰাই ফুৰাই প্ৰকৃততে তেওঁক হাৰাশাস্তি কৰি থকা হৈছে বুলি সন্থাই অভিযোগ উত্থাপিত কৰিছে আৰু এইয়া সম্পূৰ্ণ ষড়যন্ত্ৰমূলক আখ্যা দি অখিলক এনে ধাৰাবাহিক হাৰাশাস্তি কৰি প্ৰকৃততে চৰকাৰখনে দেশৰ গণতান্ত্ৰিক মূল্যবোধক কুঠাৰঘাত কৰিছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা