নলবাৰীত দুমাহ বিৰতিৰ পিছত চলিল যাত্ৰীবাহী বাছ ।

ধ্ৰুৱ জ্যোতি মালাকৰ/নলবাৰী/১৮ মে::

প্ৰায়  দুমাহ বিৰতিৰ পিছত নলবাৰীৰ  পৰা  চলিল যাত্ৰীবাহী  বাছ । অসম পৰিবহন বিভাগৰ  অধীনত আজিৰে পৰা আৰম্ভ  হল বাছ সেৱা । আজিৰে পৰা নলবাৰী - গুৱাহাটীৰ মাজত চলিল বাছ । কৰোনা আতঙ্কৰ  মাজতে  এইদৰে নলবাৰীৰ পৰা  পৰিবহন বিভাগৰ  বাছেৰে গুৱাহাটী লৈ যাব পাৰিব নলবৰীয়া  ৰাইজ । নলবাৰীৰ  পৰিবহন বিভাগৰ  বাছ আস্থানত পৰা আনুষ্ঠানিকভাৱে আৰম্ভ  হল বাছ সেৱা । এই বাছ সেৱা  মুকলি কৰে পৰিবহন বিভাগৰ  ভি চি চন্দন বড়োয়ে । লক ডাউনৰ  সকলো নীতি নিয়ম মানি লৈ চলিব এই বাছ সেৱা । পঞ্চাশ  শতাংশ  যাত্ৰীহে  নিয়া হ'ব বাছত । বাছত উঠাৰ আগতে স্বাস্থ্য  পৰীক্ষাৰ সম্মুখীন  হব লাগিব  যাত্ৰী । আনহাতে  ৰাস্তাত উঠাব নোৱাৰিব কোনো যাত্ৰী । যাত্ৰী সকলৰ সুৰক্ষাৰ  প্ৰতি লক্ষ্য  কৰি এইদৰে নিৰ্দিষ্ট  নীতি নিয়ম  বান্ধি দিয়া হৈছে । একেদৰে ভাড়াও  পুৰ্বৰ দৰেই একে থাকিব বুলিও  ভি চি চন্দন বড়োয়ে  জানিবলৈ দিয়ে । আৰু আজিৰে পৰা এইদৰে বাছ সেৱা  মুকলি  হোৱাত কিছু হ'লেও সকাহ পাইছে নলবাৰীৰ  জনসাধাৰণে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা