চাবুৱাত নৃশংসা হত্যাকাণ্ডঃ ১২ অভিযুক্ত গ্ৰেপ্তাৰ

চাবুৱাঃলকডাউনৰ মাজতে চাবুৱাত সংঘটিত হৈছে এক নৃশংস হত্যা কাণ্ডৰ ঘটনা। এটা ১৫ জনীয়া দলৰ দলবদ্ধ আক্ৰমনত মৃত্যুক আঁকোৱালি ল’লে চাবুৱাৰ পৰাগজ্যোতি নেওগ নামৰ যুৱকজন। চাবুৱা কয়লাবাৰী বাইপাছত সাধাৰণ দোকান দি পৰিয়াল পোহপাল দিয়া পৰাগজ্যোতি নেওগৰ হত্যাকাণ্ডৰ ঘটনা আজি পুৱাহে পোহৰলৈ আহে। পৰাগজ্যোতি নেওগ নামৰ যুৱকজনে বাইপাছত দোকান দিয়াৰ ঘটনাক কেন্দ্ৰ কৰিয়েই হত্যাকাণ্ডৰ সন্দেহ কৰা হৈছে। অৱশ্যে আৰক্ষীয়ে সাধাৰণ কাজিয়াৰ ফলতে হত্যাকাণ্ডটো সংঘটিত হোৱা বুলি উল্লেখ কৰিছে যদিও স্থানীয় লোকে মাটি-বাৰীৰ সংক্ৰান্ততে হত্যাকাণ্ড সংঘটিত হোৱা সন্দেহ কৰিছে। ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ২০ জনক আটক কৰি সোধাপোচা আৰম্ভ কৰিছে। ডিব্ৰুগড় জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক পদ্মনাথ বৰুৱাৰ নেতৃত্বত চলা তদন্তত গনেশ চুৰেন, ৰাজীৱ চুৰেন, কুলদীপ হেমৰম, মনোজ চুৰেন, মহেশ মাৰ্দী, ৰাজু মাঝী, ৰমেশ চুৰেন, শংকৰ চুৰেন, পৰেশ চুৰেন, দিনেশ চুৰেন আৰু বিষ্ণু হেমৰমক গ্ৰেপ্তাৰ কৰিছে। ইফালে চাবুৱা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত বৰ্তমানেও তদন্ত অব্যাহত ৰাখিছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা