সৰ্থেবাৰীৰ কুকাৰপাৰত আৰম্ভ কোৱাৰেন্টীন কেন্দ্ৰ


সৰ্থেবাৰীৰ কুকাৰপাৰত আৰম্ভ কোৱাৰেন্টীন কেন্দ্ৰ#
#৫০জনক লোকক কোৱাৰেন্টীন, তিনিগৰাকীক হোম কোৱাৰেন্টীন# 

বৰপেটাৰ পৰা কঞ্জল দাস,৩১মে' : বহিঃৰাজ্যৰ পৰা অহা লোকসকলক বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত স্থাপন কৰা  কোৱাৰেন্টীন চেন্টাৰত ৰখাৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে। আজি  সৰ্থেবাৰী ৰাজহ চক্ৰৰ অধীনত প্ৰথমটো কোৱাৰেন্টীন চেন্টাৰ মুকলি কৰা হৈছে। সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত কুকাৰপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্থাপন কৰা কোৱাৰেন্টীন চেন্টাৰত ৫০গৰাকী লোকক কোৱাৰেন্টীন কৰাৰ বিপৰীতে তিনিগৰাকী মহিলাসহ শিশুক হোম কোৱাৰেন্টীন কৰা হৈছে বুলি জনায় সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰশ্মিৰেখা দেৱীয়ে। এইসকল লোক গোৱাৰ পৰা বিশেষ ৰে'ল যোগে বৰপেটাৰোডলৈ আহে।বৰপেটা ৰোডৰ পৰা তিনিখন বাছেৰে কুকাৰপাৰলৈ অনা হয় লোকসকলক ।হোম কোৱাৰেন্টীন কৰা তিনিগৰাকীৰ ভিতৰত এগৰাকী গৰ্ভৱতী মহিলা, এগৰাকী যুৱতী আৰু এগৰাকী কন্যাশিশু বুলি জানিব পৰা গৈছে। সৰ্থেবাৰী ৰাজহ চক্ৰৰ অধীনত পাঁচটা কোৱাৰেন্টীন চেন্টাৰ সাজু কৰা হৈছে বুলি  চক্ৰ বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ।

Comments