অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মনিয়েৰী গাঁৱৰ-ঘনকান্ত নাথৰ মৃত্যু

পঙ্কজ নাথ, চাংসাৰি, ২০ মে :

কামৰূপ জিলাৰ চাংসাৰিৰ সমীপৱৰ্তী মনিয়েৰী গাঁৱৰ পশ্চিমটোল চুবুৰিৰ  বিশিষ্ট সমাজকৰ্মী  তথা  ধোপাতাৰী-শিলভড়াল প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ঘনকান্ত নাথৰ কালি নিশা  জি এন আৰ চি হস্পিতালত  মৃত্যু হয়  । দীৰ্ঘদিন ধৰি বিভিন্ন ৰোগত ভূগি থকা ৬৯ বছৰীয়া শিক্ষকগৰাকীৰ স্বাস্থ্যৰ অধিক  অৱনতি  ঘটাত কালি  তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও  নিশা প্ৰায় ৯-৩০ মান বজাত পৰলোকপ্ৰাপ্তি ঘটে  । শিক্ষকতাৰ  উপৰি তেওঁ এগৰাকী  সুদক্ষ  ফুটবল খেলুৱৈৰ লগতে অভিনয় শিল্পী হিচাপেও পৰিচিত আছিল ।অঞ্চলটোৰ এগৰাকী পথপ্ৰদৰ্শক ,নিষ্ঠাবান,অমায়িক স্বভাৱৰ  ব্যক্তিৰ মৃত্যুত  মনিয়েৰী অঞ্চলত শোকৰ ছাঁ পৰিছে । স্বৰ্গীয় নাথে মনিয়েৰী মহাপুৰুষীয়া সত্ৰ উন্নয়ন সমিতিৰ সম্পাদক আৰু সভাপতি  ,মনিয়েৰী কৃষক সেৱক সংঘৰ সম্পাদক , মনিয়েৰী দিপালী পুথিভৰালৰ সম্পাদক  ,  শ্ৰীমন্ত শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয় আৰু মনিয়েৰী শংকৰ সংঘৰ উপদেষ্টা ,উত্তৰ-কামৰূপ নাথ যোগী সন্মিলনীৰ কাৰ্যনিৰ্বাহক সদস্য ,মহাপুৰুষীয়া সত্ৰ সমাজৰ একান্ত সেৱকৰ লগতে প্ৰাথমিক  শিক্ষক কেন্দ্ৰৰ হিচাপ পৰীক্ষকৰ দৰে পদ অলংকৃত কৰিছিল   । তেওঁৰ মৃত্যুত উল্লিখিত অনুষ্ঠান -প্ৰতিষ্ঠানসমূহৰ উপৰি জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতা , উত্তৰ-কামৰূপ নাথ যোগী সন্মিলনীৰ প্ৰাক্তন সভাপতি  নাৰায়ণ নাথ ,সদস্য হেমেন নাথ , মনিয়েৰী মহাপুৰুষীয়া সত্ৰ উন্নয়ন সমিতিৰ সভাপতি পদ্মকান্ত শৰ্মা প্ৰমুখ্যে  বিশিষ্ট ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰে ।মৃত্যুৰ সময়ত নাথে পত্নীসহ, দুজন পুত্ৰ ,এগৰাকীবোৱাৰী ,দুগৰাকী জী-জোঁৱাই ,নাতিসহ অসংখ্য গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা