আধ্যাত্মিক গুৰু কৃষ্ণগুৰুৰ আবিৰ্ভাৱ তিথি ■উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সণোৱাল

কৃষ্ণগুৰু প্ৰভুৰ আবিৰ্ভাৱ তিথি পালন■উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সণোৱাল●

বৰপেটা, ৩১ মে': লকডাউনৰ মাজতে কালি বৰপেটাৰ নসত্ৰস্থিত   কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হয়  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । কৃষ্ণগুৰু সেৱাশ্ৰমৰ সুৱৰ্ণ কুড়ত নাম-জপ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । উল্লেখযোগ্য যে, আধ্যাত্মিক গুৰু  কৃষ্ণগুৰু প্ৰভুৰ কালি  ৮৬ সংখ্যক  আবিৰ্ভাৱ তিথি  উপলক্ষ্যে  কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হয়  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । দুপৰীয়া  ২:৫১ বজাত কৃষ্ণগুৰু  সেৱাশ্ৰমত উপস্থিত হৈ  সুৱৰ্ণ কুড়ত নাম-জপ  কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে  ।ইয়াৰ পাছতে তেওঁ গুৰুজনাৰ সমাধিস্থলীত উপস্থিত হৈ   গুৰুজনাক  স্মৰণ কৰি গুৰুগৃহত প্ৰৱেশ কৰে ।তেওঁ  গুৰুগৃহত অন্ন গ্ৰহণ কৰি প্ৰায়  দুই ঘন্টা সময় আশ্ৰমত অতিবাহিত কৰে। উল্লেখযোগ্য যে লকডাউনৰ মাজতে  আজি কৃষ্ণ  সেৱাশ্ৰমত মাত্ৰ কেইজনমান ভকতৰ উপস্থিতিত অনুষ্টুপীয়াকৈ  অনুষ্ঠিত কৰা   হয় গুৰু আবিৰ্ভাৱ তিথি । ইপিনে আজি আশ্ৰমৰ ভিতৰত সংবাদ মাধ্যমৰ প্ৰবেশ নিষিদ্ধ  কৰে মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীয়ে । সংবাদ মাধ্যমৰ পৰা আঁতৰি থাকে মুখ্যমন্ত্ৰী ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা