কেন্দুকোনাৰ গাৱঁলীয়া বেংকত প্ৰতিদিনেই গ্ৰাহকৰ দ্বাৰা লকডাউন উলংঘা
কেন্দুকোনাৰ গাৱঁলীয়া বেংকত প্ৰতিদিনেই গ্ৰাহকৰ দ্বাৰা লকডাউন উলংঘা
কৰোঁনা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবৰ বাবেই ভাৰত চৰকাৰে সমগ্ৰ দেশতে লকডাউনৰ ঘোষণা কৰিছে । ভিন্ন প্ৰান্তৰ দৰে অসমতে চলি আছে লকডাউন । আনহাতে চৰকাৰে কিছুমান নীতি নিৰ্দেশনা বান্ধি দি লকডাউন সামান্য শিথিল কৰি দিয়ে । আনহাতে এই লকডাউনৰ শিথিলতাৰ সময়ত চৰকাৰে বান্ধি দিয়া নিতী-নিৰ্দেশনাৰ প্ৰতি একাংশই কোনো গুৰুত্ব নিদি ব্যাপক হাৰত লকডাউন উলংঘা কৰিছে । বিশেষকৈ কামৰূপ জিলাৰ কেন্দুকোনাৰ গাৱঁলীয়া বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত প্ৰতিদিনেই যথেষ্ট গ্ৰাহকে ভিৰ কৰা পৰিলক্ষিত হয় । নাই সামাজিক দুৰত্ব । এফালে কৰোনা ভাইৰাছে সংহাৰী ৰুপ ধাৰণ কৰিছে আৰু আনফালে জনতাই ব্যাপকভাৱে লকডাউন উলংঘা কৰিছে । কেতিয়া সজাগ হব এইসকল লোক তাক লৈ চিন্তিত হৈ পৰিছে বিভিন্ন দল সংগঠন তথা সমাজৰ সচেতন মহল ।
কমলপুৰৰ পৰা চাহাব আলীৰ প্ৰতিবেদন ।
Comments
Post a Comment