ৰঙিয়াৰ বান পৰিস্থিতি উদ্বেগজনকঃ

পুঠিমাৰীৰ জৰাজীৰ্ণ দলঙৰ অৱস্থা সংকটজনক 

প্ৰতিবেদক, ৰঙিয়া , ২৫ মেঃ 

সাগৰীয় ঘূৰ্ণী বতাহ আমফানৰ প্ৰভাৱত আজি কেবাদিনো ধৰি চলি থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰঙিয়া মহকুমাৰ বাণ পৰিস্থিতি উদ্বেগজনক হৈ পৰিছে। মহকুমাৰ প্ৰায় সকলো নৈ উপনৈৰ লগতে খাল বিল বৰষুণৰ  পানীৰে উপচি পৰাত নৈপৰীয়া ৰাইজৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। বিশেষকৈ বৰলীয়া, পুঠিমাৰী, কলাজল, নোনা আদি নৈ বিপদ সীমাৰ ওপৰেৰে বৈ থকাত  নৈপৰীয়া ৰাইজৰ মাজত তীব্ৰ উৎকন্ঠাই বিৰাজ কৰিছে। নৈ সমূহৰ বাঢ়নি পানীয়ে ঠাইয়ে ঠাইয়ে প্লাবিত কৰাত বহু খেতি পথাৰ বুৰাই পেলোৱাত ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে ৰঙিয়া মধুকুছিৰ সমীপৰ পুঠিমাৰী নৈৰ ওপৰত থকা জৰাজীৰ্ণ  কাঠৰ দলং খনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰাত স্থানীয় ৰাইজে দলংখন বন্ধ কৰি দিয়াত যাতায়াত ব্যবস্থা ব্যহত হৈছে।।উল্লেখ্য মধুকুছিৰ সমীপৰ পুঠিমাৰী  দলং খনেৰেই এক বিস্তীর্ণ অঞ্চলৰ সহস্ৰাধিক লোকে নিতৌ অহাযোৱা কৰে । সেই সকল লোকৰ  অহাযোৱাৰ  বাবে এই দলংখনেই একমাত্ৰ ভৰষা। এই অঞ্চলৰ ৰাইজে কৰ্মস্থলীৰ উপৰিও বজাৰ-সমাৰ, বিদ্যালয়, মহাবিদ্যালয়, স্বাস্থ্য কেন্দ্ৰ সহ অন্যান্য ক্ষেত্ৰতো এই জৰাজীৰ্ণ কাঠৰ দলং খনেই আছিল একমাত্ৰ আশা আৰু ভৰষা । নৈৰ বাঢ়নি পানীয়ে দলংখনৰ অস্তিত্বৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰাত ৰাইজে সাময়িক ভাৱে দলংখন বন্ধ কৰি দিয়ে।  অঞ্চলটোৰ ৰাইজে এই  দলংখনৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ প্ৰশাসনক কাতৰ অনুৰোধ জনাইছে,। ইপিনে দলংখন বচোৱাৰ স্বাৰ্থত মধুকুছি অঞ্চলৰ কেবাগৰাকী সাহসী উদ্যমী  যুৱকে নিজৰ জীৱনক তুচ্ছ কৰি বৰষুনৰ মাজতেই দলংখনৰ খুটাত বজি থকা আবৰ্জনা সমূহ আঁতৰাই দলংখন ৰক্ষা কৰাৰ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে। আনহাতে  ভূটানৰ পৰা পানী এৰি দিয়া বুলি প্ৰচাৰিত বাতৰিয়ে ৰাইজক চিন্তিত কৰি তুলিছে।বৰলীয়া নৈৰ বাঢ়নি পানীয়ে ৰঙিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত পূৱ তৰণী, কৰৰা গড়ভিতৰ, হাছানটুক, চিকনিবাৰী, লাহাপাৰা, বিহাপাৰা সহ ওচৰ পাজৰৰ গাওঁসমুহত আতংকৰ সৃষ্টি কৰিছে। বৰষুণৰ পানীয়ে ৰঙিয়া চহৰতো কৃত্ৰিম বানপানীৰ সৃষ্টি কৰি বিভিন্ন অঞ্চল বুৰাই পেলােৱাত ৰাইজৰ আলই আথানিৰ সীমা নোহোৱা হৈছে। বাণৰ আশংকাত ৰাইজে বিনিদ্ৰ ৰজনী পাৰ কৰিব লগীয়া হৈছে।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা