ভৱানীপুৰ কোৱাৰেণ্টাইন চেণ্টাৰত ৯ গৰাকীৰ দেহত ক'ভিড-১৯ প'জিটিভ

#ভৱানীপুৰ কোৱাৰেণ্টাইন চেণ্টাৰত ৯ গৰাকীৰ দেহত ক'ভিড-১৯ প'জিটিভ
# লোককেইজনক গুজৰাটৰ পৰা আনি ২১ মে'ত ভৰ্তি কৰিছিল কোৱাৰেণ্টাইন চেণ্টাৰত

সঞ্জীৱ দাস, ভৱানীপুৰ, ২৬ মে': ৰাজ্যত দিনক দিনে বাঢ়ি আছে ক'ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা। যাক লৈ চিন্তিত হৈ পৰিছে জনগণ। আজি ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰতো  ৯ গৰাকী যুৱকৰ দেহত ক'ভিড-১৯ প'জিটিভ ধৰা পৰা ঘটনাই সমগ্ৰ বৰপেটা জিলাৰ লগতে বৃহত্তৰ ভৱানীপুৰ অঞ্চলৰ জনমানসত তীব্ৰ চাঞ্চল্য আৰু আতংকৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, ভৱানীপুৰ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ তত্বাৱধানত আছে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত স্থাপিত এই কোৱাৰেণ্টাইন চেণ্টাৰটো। ভৱানীপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা পোৱা তথ্য অনুযায়ী আজি ভৱানীপুৰৰ কোৱাৰেণ্টাইন চেণ্টাৰত ক'ভিড-১৯ প'জিটিভ চিনাক্ত হোৱা যুৱকসকল হ'ল- বৰপেটা জিলাৰ জলকাৰা গাঁৱৰ মহিদুল ইছলাম(১৯), আমজাদ আলী(১৬), নাজিৰুল ইছলাম(১৯), আৰিফুল ইছলাম(১৬), খাটালগুৰি গাঁৱৰ আকিবুল মল্লিক(১৭), ভোগদিয়া গাঁৱৰ ওমৰ ফাৰুক(২০), মাজদিয়া গাঁৱৰ ছাহিল ভূঞা(১৮), মেটুৱাকুছি গাঁৱৰ আমিৰ হামজা(১৯) আৰু বাক্সা জিলাৰ শালবাৰীৰ চুনবাৰী গাঁৱৰ মহিদুল আলী(১৮)। ভৱানীপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ পুলিন শৰ্মাই সদৰী কৰা মতে, যোৱা ২১ মে'ত যুৱক কেইগৰাকীক কোৱাৰেণ্টাইন চেণ্টাৰত ভৰ্তি কৰাৰ পিছত তেওঁলোকৰ স্বাব(Swab) পৰীক্ষাৰ বাবে বৰপেটাৰ ফখৰউদ্দিন আলী আহমদ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল। Swab পৰীক্ষাৰ অন্তত উক্ত ৯ গৰাকী যুৱকৰ দেহত ক'ভিড-১৯ প'জিটিভ ধৰা পৰে। ক'ভিড-১৯ত আক্ৰান্ত ৯ গৰাকী যুৱকক আজি বৰপেটাৰ ফখৰউদ্দিন আলী আহমদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হোৱা বুলিও মহকুমা স্বাস্থ্য বিষয়া ডাঃ পুলিন শৰ্মাই জানিবলৈ দিছে। ক'ভিড-১৯ ত আক্ৰান্ত হোৱা উক্ত ৯ গৰাকী যুৱকক গুজৰাটৰ পৰা বাছেৰে আনি ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত স্থাপিত কোৱাৰেণ্টাইন চেণ্টাৰত যোৱা ২১ মে'ৰ পৰা ৰখা হৈছিল। উল্লেখ্য যে, ক'ভিড-১৯ ত আক্ৰান্ত আটাইকেগৰাকী যুৱক গুজৰাটত শ্ৰমিকৰূপে নিয়োজিত হৈ আছিল।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা