নলবাৰীৰ বাহঁজানীৰ জানিগোগত কূটিৰ শিল্পীৰ প্ৰতিবাদ*

লক্ ডাউনত আৰ্তজনৰ খবৰ ল'বলৈ আহৰি নহ'ল জনপ্ৰতিনিধিৰ


*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১৮ মে'*


ফটো আছে = 

ক'ৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে চৰকাৰে ঘোষণা কৰা তলাবন্ধত আবদ্ধ হৈ নলবাৰী জিলাৰ বাহঁজানীৰ জানিগোগ,
ৰাজাখাট ক্ষুদ্ৰ
শংকৰা, কৰ্দৈতোলা, তিলানা, এলেংগীদল, নিজ বাহঁজানী আদি বিভিন্ন প্ৰান্তৰ কূটিৰ শিল্পীসকলৰ দিন নাযায়, ৰাতি নুপুওৱাৰ দৰে অৱস্থা হৈছে। এই শিল্পীসকলে বাহঁ-বেতৰ ডলা, কুলা, চালনি, জাকৈ, চেপা, খৰাহি, ডুলি, বিছনী, ৰাঁস আদি নানা সামগ্ৰী তৈয়াৰ কৰি জীৱন সংগ্ৰাম চলাই গৈছিল। কিন্তু লক্ ডাউনৰ বাবে ব্যৱসায় বন্ধ হোৱাত পৰিয়াল চলোৱা কঠিন হৈ পৰিছে। তথাপি পৰিবৰ্তনকামী ৰাজ্য চৰকাৰৰ প্ৰতিনিধি কিম্বা প্ৰশাসন, জিলা পৰিষদৰ সদস্য, পঞ্চায়ত, আঞ্চলিক পঞ্চায়তৰ প্ৰতিনিধি কিম্বা বিৰোধীৰো বৰ বৰ নেতা সবাই এইসকল কূটিৰ শিল্পীৰ খবৰ ল'বলৈ আহৰি নহ'ল বুলি শিল্পীসকলে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে। ফলত আৰ্থিক সংকটত পৰি তথা পেটৰ ভাত মুঠি যোগাৰ কৰিবলৈ সক্ষম নোহোৱা বাহঁজানীৰ জানিগোগ ৰাজাখাটৰ কূটিৰ শিল্পীসকলে আজি লক্ ডাউনৰ নীতি নিয়ম মানি ৰাজপথত চৰকাৰ, জনপ্ৰতিনিধিৰ বিৰুদ্ধে ৰাজপথত মুকলিকৈ প্ৰতিবাদ সাব্যস্ত কৰে। নলবাৰী আঞ্চলিক কৃষক সভাৰ উদ্যোগত হোৱা প্ৰতিবাদ কাৰ্য্যসূচীত পৰিবৰ্তনকামী চৰকাৰ, জনপ্ৰতিনিধি হায় হায়, মিনতি কৰিছো সাহায্য দিয়ক, খাদ্য লাগে খাদ্য দিয়ক, শ্ৰমিক সাহায্য নিধি হিতাধিকাৰীৰ তালিকাত কূটিৰ শিল্পীক অন্তৰ্ভুক্ত কৰক আদি শ্লোগানেৰে উত্তাল কৰে। কাৰ্যসূচীত নলবাৰী আঞ্চলিক কৃষক সভাৰ সম্পাদক ৰাজীৱ আলী উপস্থিত থাকি ভাষণত চৰকাৰে আজিও কূটিৰ শিল্পীসকলক আৰ্থিক বা খাদ্য সামগ্ৰীৰ সাহায্য নিদিয়াত তীব্ৰ সমালোচনা কৰে।

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা