টুকুৰা ভীমাজুলিত হোম কোৱাৰেন্টাইনত থকা লোকৰ মুকলিত বিচৰণঃ

ক’ভিড ১৯ সংক্ৰমণৰ আশংকাত ত্ৰস্তমান স্থানীয় ৰাইজ
-----
গোৱালপাৰা জিলাৰ টুকুৰা বৰমোহৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত ভীমাজুলি গাৰোপাৰা গাঁৱত হোম কোৱাৰেন্টাইনত ৰখা একাংশ লোকে কোনো ধৰণৰ বাধা নিষেধ নামানি টিঘিলঘিলাই ঘূৰি ফুৰাৰ ঘটনাই অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে ভীমাজুলি গাৰোপাৰাৰ ২৮ জন লোক কৰ্মসূত্ৰে আছিল সুদূৰ আগ্ৰাত ৷ লক ডাউনৰ পৰিপ্ৰেক্ষিতত এই লোক কেইজনে ইতিমধ্যে আহি গোৱালপাৰা জিলাত ভৰি দিয়ে ৷ ইয়াৰ পিছতে তেওঁলোকক নিয়ম অনুসৰি কোৱাৰেইন্টাইন চেন্টাৰত ৰখাৰ ব্যৱস্থা কৰা হয় যদিও সাত দিন উকলি যোৱাৰ পিছত আটাইকে কোৱাৰেইন্টাইন চেন্টাৰৰ পৰা মুকলি কৰি দিয়া হয় ৷ চেন্টাৰৰ পৰা মুকলি হৈয়ে লোক কেইজনে নিজ ঘৰলৈ বাট লয় ৷ অৱশ্যে গাওঁবাসীয়ে লোককেইজনক নিজ ঘৰত যোৱাৰ পৰিৱৰ্তে অন্ততঃ আৰু সাত দিন স্থানীয় গীৰ্জাঘৰত আচুতীয়াকৈ থকাৰ পৰামৰ্শ দিয়ে ৷ সেই মৰ্মে ইয়াৰে ১৮ জন লোকে গীৰ্জা ঘৰত আশ্ৰয় লয় যদিও বাকী ১০ জনে কাৰো হকা বধালৈ কেৰেপ নকৰি নিজ নিজ ঘৰত গৈ থাকিবলৈ লয় ৷ নিয়ম মতে লোক কেইজনৰ গোটেই পৰিয়ালটোৱে হোম কোৱাৰেন্টাইনত থাকিব লাগিছিল ৷ পিছে স্থানীয় লোক একাংশই অভিযোগ কৰা মতে সেই ১০ জন লোকৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সকলো সদস্যই গাওঁ বজাৰ সকলোতে টিঘিলঘিলাই ঘূৰি ফুৰিছে ৷ যাৰ বাবে আতংকিত হৈ পৰিছে গাৰোপাৰাবাসী ৷ ৰাইজে এই ক্ষেত্ৰত জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৷


কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,First News Report

*** **** **** **** **** **** **** ****

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা