শালবাৰীত শিক্ষাব্ৰতীসহ বিপিএফ, অবড়ো, বিজেপি-এ আই ইউ ডি এফ দলৰ নেতা-কৰ্মী মুঠ ৩৮ গৰাকীৰ ইউ পি পি এলত যোগদান

ভৱানীপুৰৰ পৰা সঞ্জীৱ দাস, ৩১ মে': সমগ্ৰ ভাৰতবৰ্ষজুৰি কৰ'না ভাইৰাছৰ সন্ত্ৰাসৰ পৰিপ্ৰেক্ষিতত লকডাউন চলি থকাৰ সময়ছোৱাতেই বিটিচিৰ শালবাৰী সমষ্টিত ইউ পি পি এল দলত যোগদান প্ৰক্ৰিয়া অব্যাহত আছে। উল্লেখ্য যে, অন্য ৰাজনৈতিক দল ত্যাগ কৰি ইউ পি পি এল দলৰ প্ৰতি আগ্ৰহ প্ৰকাশেৰে দলটোত বিভিন্নজনে যোগদান কৰাটো শালবাৰী সমষ্টিত নতুন ৰাজনৈতিক সমীকৰণ ভুমুকি মাৰিছে। আজি ইউ পি পি এলৰ শালবাৰী জিলা সমিতিৰ উদ্যোগত দলৰ শালবাৰীস্থিত কাৰ্যালয়ত সামাজিক আৰু শাৰীৰিক দূৰত্ব বজাই ৰাখি অনুষ্ঠিত হোৱা এখন সাধাৰণ সভাত দুগৰাকী শিক্ষাব্ৰতী, অবড়ো সুৰক্ষা সমিতি (গণ সুৰক্ষা পাৰ্টিৰ সমৰ্থিত) -ৰ ১৯ গৰাকী কৰ্মী-সমৰ্থক, বিপিএফ দলৰ ১৩ গৰাকী নেতা-কৰ্মী এ আই ইউ ডি এফৰ দুগৰাকী নেতা আৰু বিজেপি দলৰ দুগৰাকী নেতাই নিজৰ-নিজৰ দল ত্যাগ কৰি ইউ পি পি এল দলত যোগদান কৰে। ইউ পি পি এল দলত যোগদান কৰা দুগৰাকী শিক্ষাব্ৰতী প্ৰবক্তা হ'ল - ছিদ্দিক আলী আৰু আকবৰ আলী। বি পি এফৰ নেতা-কৰ্মীসকল হ'ল- চিত্তৰঞ্জন ৰয়, আমিনুল ইছলাম, ছিদ্দিকুৰ ৰহমান, শ্বাহ আলম খান, জিয়াৰুল তালুকদাৰ, স্বৌমলা বড়ো, ৰঞ্জিত স্বৰ্গীয়াৰী, গৌতম বড়ো, জাহাংগীন হুছেইন, জহিদ হুছেইন, খুদু ঘোষ, ৰূপন স্বৰ্গীয়াৰী, সুকুমাৰ বৰ্মণ। অবড়ো সুৰক্ষা সমিতি নেতা-কৰ্মী ক্ৰমেঃ মধু কলিতা, হৰকুমাৰ তালুকদাৰ, জোনালী পাঠক, বিকাশ দাস, কমল দাস, ছাহেব আলী, আছমত আলী, ছামছুল হক, ছিদ্দিক হুছেইন, ময়নাল হক, আয়নাল হক, ৰহিজুদ্দিন, চুফিয়ান আলী, তায়েব আলী, হাছেন আলী, গহেৰ আলী, বলেন দাস, জাকিৰ হুছেইন। বিজেপি নেতাদ্বয় হ'ল বিমল দাস আৰু লক্ষ্মন বৰ্মণ। তদুপৰি এ আই ইউ ডি এফৰ নেতাদ্বয় ফজৰুল হক আৰু ৰহিম আলীয়েও ইউ পি পি এলত যোগদান কৰে। ইউ পি পি এলত যোগদান কৰাসকলক উষ্ম আদৰণি জনায় দলৰ শালবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক তথা শালবাৰী সমষ্টিৰ প্ৰাৰ্থী বিনোদ মছাহাৰীয়ে। উক্ত যোগদান অনুষ্ঠানত বিনোদ মছাহাৰীৰ লগতে ইউ পি পি এলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য চিলাৰায় বসুমতাৰী, কনক বড়ো, আবু তাহেৰ, যুৱ শাখাৰ শালবাৰী জিলা সমিতিৰ সভাপতি সত্যজিৎ বড়োৱে বক্তৃতা প্ৰদান কৰে।

প্ৰতিবেদনঃ সঞ্জীৱ দাস, ভৱানীপুৰ

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা