শালবাৰী সমষ্টিত অবড়ো-বিপিএফ নেতাৰ ইউপিপিএলত যোগদান

সঞ্জীৱ দাস, ভৱানীপুৰ

শালবাৰী সমষ্টিত আজি অবড়ো সুৰক্ষা সমিতিৰ পাঁচগৰাকী নেতা, দুগৰাকী বিপিএফ নেতা আৰু এগৰাকী শিক্ষাব্ৰতী-লেখকে ইউপিপিএলত যোগদান কৰে। উল্লেখ্য যে, শালবাৰীস্থিত ইউপিপিএলৰ শালবাৰী জিলা সমিতিৰ এখন দলীয় সভাত অবড়ো সুৰক্ষা সমিতিৰ পাঁচ গৰাকী নেতা ক্ৰমেঃ চিদা ৰয়, তপন ৰাভা, মহিবুল হক, ৰঘূনাথ দাস, হৰিদেৱ মেধি, বিপিএফ দলৰ নেতা ক্ৰমেঃ জাপান বড়ো, বাবুল গয়াৰী আৰু যুৱ-লেখক, শিক্ষাব্ৰতী গোপাল দাসে ইউপিপিএলত যোগদান কৰে। নতুনকৈ যোগদানকাৰী সকলক আৰ'নাৰে উষ্ম আদৰণি জনাই ইউপিপিএলৰ শালবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক বিনোদ মুছাহাৰীয়ে। আজিৰ যোগদান কাৰ্যসূচীৰ অনুষ্ঠানত ইউপিপিএলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য কনক চন্দ্ৰ বড়ো, শালবাৰী জিলা সমিতিৰ যুৱ গোটৰ সভাপতি সত্যজিৎ বড়োকে ধৰি কেইবাগৰাকীও দলীয় নেতা উপস্থিত থাকে। উল্লেখ্য যে, যোগদান অনুষ্ঠানত শালবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক বিনোদ মুছাহাৰীয়ে দলৰ নীতি-আদৰ্শৰ ওপৰত বহল ব্যাখ্যা কৰাৰ বিপৰীতে নতুনকৈ দলত যোগদান কৰা সকলে অবড়ো সংগঠন, গণ সুৰক্ষা পাৰ্টি, বিপিএফ দলক চোকা সমালোচনা কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা