দিহিং পাটকাই অভয়াৰণ্যত কয়লা খনন কাৰ্যক বিৰোধহাতত প্লে' কাৰ্ড লৈ বজালীত প্ৰতিবাদ যুৱ-ছাত্ৰ পৰিষদৰ

দিহিং পাটকাই অভয়াৰণ্যত কয়লা খনন কাৰ্যক বিৰোধ
হাতত প্লে' কাৰ্ড লৈ বজালীত প্ৰতিবাদ যুৱ-ছাত্ৰ পৰিষদৰ

সঞ্জীৱ দাস, ভৱানীপুৰ, ২৩ মে': কেন্দ্ৰীয় চৰকাৰে পূৱ আমাজন খ্যাত দিহিং পাটকাই বৰ্ষাণ্যত কয়লা খনন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতেই গোটেই অসমতেই এক প্ৰতিবাদ মুখৰ পৰিৱেশ দেখা গৈছে। ছ'চিয়েল মিডিয়াকে ধৰি বহু ঠাইতে প্ৰকৃতিপ্ৰেমী, দল-সংগঠনৰ নেতৃবৃন্দই এই কয়লা খনন কাৰ্যৰ বিৰোধিতা কৰি প্ৰকৃতি ধ্বংস কৰিবলৈ ওলোৱা চৰকাৰক সকীয়াই দিয়ে। আজি বজালীতো অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে প্ৰতিবাদ কৰা দেখা গৈছে। জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ পূৱ হস্তিনাপুৰ আৰু সৰুপেটা আঞ্চলিক সমিতিয়ে আজি বজালীস্থিত পহুমাৰা চাপৰিত সামাজিক দূৰত্ব মানি চলি হাতত প্লে'কাৰ্ড লৈ কয়লা খননৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সহঃ সাধাৰণ সম্পাদক বিজন বায়ন, বজালী জিলা সমিতিৰ সাধাৰণ সম্পাদক লক্ষেশ্বৰ দাস, বুবুল পাটগিৰিকে ধৰি সংগঠনটোৰ বহুকেইজন নেতৃবৃন্দ উপস্থিত থাকে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা