শালবাৰীত ভাৰতীয় গণ পৰিষদৰ মনোনয়ন দাখিল কৰা প্ৰাৰ্থীসহ ১৬ গৰাকীৰ ইউপিপিএলত যোগদান

সঞ্জীৱ দাস, ভৱানীপুৰ, ২৫ মে': বিশ্বত কৰোনা ভাইৰাছে সন্ত্ৰাসৰ সৃষ্টি কৰাৰ ফলত গোটেই দেশজুৰি লকডাউন হৈ থকাৰ পৰিপ্ৰেক্ষিপত বিটিচি নিৰ্বাচন স্থগিত আছে যদিও সামাজিক আৰু শাৰীৰিক দূৰত্ব বজাই ৰাখি ইউপিপিএল দলত যোগদান কাৰ্যসূচী অব্যাহত আছে বিটিচিৰ শালবাৰী মহকুমাত। দেওবাৰে শালবাৰী মহকুমাৰ অন্তৰ্গত ২০ নং মথনগুৰি সমষ্টি আৰু ২১ নং শালবাৰী সমষ্টিৰ সীমান্তৱৰ্তী আটা গাঁৱত অনুষ্ঠিত ইউপিপিএল দলৰ বৈঠকত ১৬ গৰাকী লোকে ইউপিপিএল দলত যোগদান কৰে। উল্লেখ্য যে, মথনগুৰি সমষ্টিত ভাৰতীয় গণ পৰিষদৰ প্ৰাৰ্থীৰূপে ইতিমধ্যে মনোনয়ন দাখিল কৰা প্ৰাৰ্থী তথা দলটোৰ নেতা সুবল চন্দ্ৰ দাসৰ নেতৃত্বত মুঠ ১৬ গৰাকী দলীয় কৰ্মী-সমৰ্থকে ইউপিপিএলত যোগদান কৰে। ভাৰতীয় গণ পৰিষদ দলৰ প্ৰাৰ্থী সুবল চন্দ্ৰ দাস, দলটোৰ সক্তিয় সদস্য খুছী দাস, গৌৰী শংকৰ ব্ৰহ্ম, পিংকু নাথ, সমৰ্থক ক্ৰমেঃ গৌৰাংগ চেত্ৰী, আনন্দ সৰকাৰ, গকুল দাস, অশোক ঠাকুৰ, বকুল চৌধুৰী, মীৰা দাস, হিতেশ ব্ৰহ্ম, মলয় সিং, নীলকমল সৰকাৰ, প্ৰহ্লাদ দাসে ইউপিপিএলত যোগদান কৰে। যোগদান কৰাসকলক গামোছাৰে আদৰণি জনায় ইউপিপিএলৰ শালবাৰী জিলা সমিতিৰ সভাপতি যোগেশ্বৰ বসুমতাৰী, সাধাৰণ সম্পাদক বিনোদ মুছাহাৰীয়ে। ইউপিপিএলৰ কেন্দ্ৰীয় নেতা ছাহজাহান আলী, প্ৰদীপ সৰকাৰ, অশোক বড়ো, ইউপিপিএলৰ যুৱ শাখাৰ শালবাৰী জিলা সমিতিৰ সভাপতি সত্যজিৎ বড়োৱে নতুনকৈ যোগদান কৰাসকলক উষ্ম আদৰণি জনায়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা