আলিয়া টায়াৰ্চৰ স্বত্বাধিকাৰী আইতুল আলীৰ ঈদুল ফিতৰৰ শুভেচ্ছা জ্ঞাপন

প্ৰতিবেদক, ৰঙিয়া, ২৪ মে' :
সমগ্ৰ বিশ্বজুৰি আতংকিত কৰি তুলিছে কৰ'না ভাইৰাছ মহামাৰীয়ে ।এনে সময়তে অব্যাহত হৈ অাছে লকডাউন। ইয়াৰ মাজতে কাইলৈ অনুষ্টুপীয়াকৈ মহান উৎসৱ ঈদ উল ফিতৰ উদযাপন কৰা হব। লকডাউনৰ মাজতেই ঘৰতেই থাকি, সামাজিক দূৰত্ব বজাই ৰাখি উদযাপিত হব পৱিত্ৰ ঈদ ।আনহাতে এই ঈদুল ফিতৰৰ উপলক্ষে সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যৰ সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ আন্তৰিক শুভেচ্ছা আৰু ঈদ মোবাৰক জ্ঞাপন কৰিছে ৰঙিয়াৰ আলিয়া টায়াৰ্চৰ স্বত্বাধিকাৰী আইতুল আলীয়ে । তেওঁ ঈদুল ফিতৰ উপলক্ষে কয় যে, মানৱ জীৱনক সুন্দৰ পৰিশুদ্ধ আৰু সংযমী কৰি তোলাৰ উদ্দেশ্য বিশ্বৰ মুছলমান লোক সকলে এমাহ যোৰা ৰমজানৰ ৰোজা পালনৰ পিছত অনাবিল আনন্দৰ বাৰ্তা কঢ়িয়াই আনে ঈদুল ফিতৰে। বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ আটাইতকৈ শ্ৰেষ্ঠ উৎসৱ হল ঈদ। ঈদ উৎসৱে সমাজৰ সকলো ভেদাভেদ দূৰ কৰি মানুহৰ মহামিলন ঘটাই সৃষ্টি কৰে পৰস্পৰৰ প্ৰতি আন্তৰিকতাবোধ । হিংসা, বিদ্বেষ, তিক্ততাৰ গ্লানিৰ পৰা মানুহে মানুহৰ আত্মাৰ এক স্বৰ্গীয় শান্তি আৰু সম্প্ৰীতিৰ চেতনা জগাই ঈদ উৎসৱে। এই উৎসৱৰ দিনা প্ৰত্যেক মুছলমান নৰ-নাৰী সৌহাদ্যৰ বন্ধনত একহৈ আনন্দ উপভোগ কৰে। ঈদুল ফিতৰে নিৰ্মল আনন্দ উৎসৱৰ মাজত মানসিক কদৰ্য, অন্যায়, নিষ্ঠুৰ, সামজিক বৈষম্য অতিক্ৰম কৰি এক নিবিৰ ভাতৃত্ববোধৰ প্ৰেৰণা যোগায়। এই প্ৰেৰণাই উদ্দীপ্ত হৈ সমাজৰ দৰিদ্ৰ, অৱহেলিত আৰু লাঞ্ছিত লোকসকলৰ প্ৰতি সাহাৰ্য্য আৰু সহমৰ্মিতা হাত আগবঢ়োৱা মুছলমান হিচাপে আমাৰ কৰ্তব্য বুলিও কয় আইতুল আলীয়ে।  লগতে ঐক্য, শান্তি আৰু ভাতৃত্ববোধৰ বাৰ্তা কঢ়িয়াই অনা এই পবিত্ৰ ঈদুল ফিতৰত মুছলিম সম্প্ৰদায়ৰ লোক সকলে লকডাউন মানি মহান আল্লাহৰ দৰবাৰত দোৱা ভিক্ষা বিচাৰক যাতে বিশ্বত অপয় অমঙ্গল নাইকিয়া হৈ শান্তিয়ে বিৰাজ কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা