দিহিং - পাটকাই বৰ্ষাৰণ্য ৰক্ষা কৰাৰ দাবী সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ।

পঙ্কজ নাথ, চাংসাৰি, ২১ মে :

কোৰোণা ভাইৰাছ ( ক’ভিড ১৯ )ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে সমগ্ৰ দেশৰ লগতে অসমতো অসমৰ জনসাধাৰণে লক ডাউন মানি চলি থকাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰৰ সমৰ্থনত দিহিং পাটকাই অভয়াৰণ্য ও বৰ্ষাৰণ্য ধ্বংস কৰি কয়লা খনন কৰিবলৈ দিয়া অনুমতিক তীব্ৰ বিৰোধীতা কৰিছে সদৌ অসম একত্ৰিত যুৱ পৰিষদ নামৰ জাতীয় সংগঠনটোৱে ৷ সংগঠনটোৰ সভাপতি সুৰজিত ভূঞা আৰু সম্পাদক অনুপজ্যোতি শইকীয়াই এক বিবৃতি যোগে কয় যে অবৈধ কয়লা খননে দিহিং - পাটকাই বৰ্ষাৰণ্যৰ জৈৱ - বৈচিত্ৰ্যৰ আৰ প্ৰায় ৭০০ বিধ জীৱ জন্তু আৰু চৰাই চিৰিকটিৰ আবাস ভুমিলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিব। অভয়াৰণ্য খনত হাতীৰ কৰিডৰ সমুহ এই খনন কাৰ্যৰ বাবে সম্পূৰ্ণ বন্ধ হৈ পৰিব পাৰে ৷ অসমৰ আমাজন স্বৰূপ এই অঞ্চলত ভাৰত চৰকাৰে কয়লা খননৰ বাবে অনুমতি দিয়াত এই খনন কাৰ্য্য আৰম্ভ হলে অঞ্চলটোৰ প্ৰাকৃতিক পৰিবেশ বিনষ্ট হৈ পৰিব । সেয়ে সদৌ অসম একত্ৰিত যুৱ পৰিষদে চৰকাৰৰ এই কাৰ্য্যৰ তীব্ৰ বিৰোধিতা কৰি লকডাউনৰ সুযোগত এই ঘৃণনীয় কাৰ্য্য সংঘটিত কৰিব বিচৰা বাবে দুয়োখন চৰকাৰক ভৰ্ৎসনা কৰিছে। সংগঠনটোৰ সম্পাদক অনুপজ্যোতি শইকীয়াই কেন্দ্ৰীয় ও ৰাজ্যিক বিজেপি চৰকাৰ খনে এনেদৰে দেশৰ সম্পদ ধংস কৰা তথা ৰাজহুৱা সম্পত্তি ব্যক্তিগতকৰণ কৰিব ধৰা কাৰ্য্যক তীব্ৰ গৰিহণা প্ৰদান কৰে। ইয়াৰ উপৰিও দিহিং পাটকাই অভয়াৰণ্যক চৰকাৰ দুয়োখনে ধংস কৰিব বিচৰা কাৰ্য্যক কোনো কাৰণতে সহ্য কৰা নহব বুলি হুংকাৰ দি শীঘ্ৰেই কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে দিহিং পাটকাই অভয়াৰণ্যত খনন কাৰ্য্য আৰম্ভ কৰাৰ সিদ্ধান্ত বাতিল কৰি ইয়াক সুৰক্ষিত কৰিব লাগে বুলি দাবী জনাই সংগঠনটোৱে । ইয়াৰ অন্যথা হলে সংগঠনটোৱে অসমৰ সম্পদ দিহিং পাটকাই তথা অন্যান্য ক্ষেত্ৰক ৰক্ষাৰ স্বাৰ্থত অনাগত সময়ত তীব্ৰ কাৰ্য্যপন্থা গ্ৰহণ কৰিব বুলি চৰকাৰক সকিয়াই দিয়াৰ উপৰিও সংগঠনটোৰ সম্পাদক অনুপজ্যোতি শইকীয়াই ইয়াৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্যিক দুয়োখন চৰকাৰে জগৰীয়া হব বুলি সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰক পুণৰ হুংকাৰ প্ৰদান কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা