দীৰ্ঘদিনে বন্ধ আছিল মাজুলী-যোৰহাট সংযোগী নিয়মীয়া ফেৰীসেৱা

দীৰ্ঘদিনে বন্ধ আছিল মাজুলী-যোৰহাট সংযোগী নিয়মীয়া ফেৰীসেৱা: ১ জুনৰ পৰা পুণৰ আৰম্ভ হ'ব মাজুলী-যোৰহাট সংযোগী নিয়মীয়া ফেৰীসেৱা:

পৰাণজ্যোতি বৰা, মাজুলী, ৩১ মে':

মাজুলী জিলাত ক'ভিড-১৯ৰ সম্ভাব্য সংক্ৰমণ প্ৰতিৰোধৰ লগতে জনস্বাস্থ্যৰ সুৰক্ষাৰ স্বাৰ্থত কমলাবাৰী-নিমাতী আৰু অফলামুখ-নিমাতী পাৰঘাটকে ধৰি মাজুলী জিলাৰ পৰা বহিঃ সংযোগী সকলো ফেৰীসেৱা  বন্ধৰ  আদেশ জাৰি কৰিছিল  জিলা দণ্ডাধীশ  বিক্ৰম কৈৰীয়ে। আৰু সেই আদেশ অনুসৰি দীৰ্ঘদিনে বন্ধ আছিল মাজুলী সংযোগী ফেৰী সেৱা।কেৱল মাত্ৰ জৰুৰী সেৱাহে উপলব্ধ আছিল। তাৰ বাহিৰে সকলো ফেৰী সেৱা বন্ধ আছিল।পঞ্চম পৰ্যায়ৰ ল'ক-ডাউনৰ সময়ছোৱাৰ বাবে বলৱৎ কৰা নতুন নিয়মাৱলী সংগতি ৰাখি  মাজুলীৰ জিলা দণ্ডাধীশ বিক্ৰম কৈৰীয়ে আজি   জাৰি কৰা এক আদেশৰ জৰিয়তে ১ জুনৰ পৰা পুণৰ  মাজুলী-যোৰহাট সংযোগী নিয়মীয়া ফেৰী  চলাচল পুণৰ বাহালত অনুমতি প্ৰদান কৰে।এই আদেশত ক'ভিড-১৯ সম্পৰ্কীয় সকলো সতৰ্কতামূলক ব্যৱস্থাৰ মাজেৰে প্ৰতিখন ফেৰীতে মুঠ যাত্ৰী পৰিবহন ক্ষমতা (আসন)ৰ ৫০ শতাংশ যাত্ৰীহে উঠাব পাৰিব বুলি দণ্ডাধীশ গৰাকীয়ে আদেশত উল্লেখ কৰে।কমলাবাৰী-নিমাতীঘাট আৰু অফলামুখ-নিমাতীঘাটৰ মাজৰ এই নিয়মীয়া ফেৰী সেৱা পূৰ্বৰ দৰেই আভ্যন্তৰীণ জলপৰিবহন বিভাগে  পৰিচালনা কৰিব।উল্লেখযোগ্যযে এই ফেৰী সেৱা দীৰ্ঘদিনৰ পৰা বন্ধ হৈ থকাত মাজুলীবাসীৰ অত্যাৱশ্যকীয় সময়ত বিশেষ সমস্যাৰ সৃষ্টি হৈছিল।পুনৰ পূৰ্বৰ দৰে ফেৰী সেৱা মুকলি কৰাত মাজুলীবাসীয়ে সন্তোষ প্ৰকাশ কৰিছে।

পৰাণজ্যোতি বৰা, মাজুলী।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা