বঙাইগাঁও মুছলমান সমাজৰ ঈদুল ফিতৰৰ সমূহীয়া নামাজ বাতিলৰ সিদ্ধান্ত

কোৰোনা ভাইৰাছৰ মহামাৰী
বঙাইগাঁওঃ ১৯ মেঃ ইছলাম ধৰ্মাৱলম্বী লোকৰ ত্যাগ আৰু আত্মসংযমৰ পৱিত্ৰ মাহ ৰমজানৰ অন্তত উদযাপন কৰি অহা ঈদুল ফিতৰৰ সমূহীয়া নামাজ এইবাৰ বাতিল কৰিছে বৃহত্তৰ বঙাইগাঁৱৰ মুছলমান সমাজে। উল্লেখ্য যে দেশত কোৰোনা ভাইৰাছৰ মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য কৰি কেন্দ্ৰীয় চৰকাৰে ১৮ মে'ৰ পৰা ৩১ মে'লৈ ঘোষণা কৰা চতুৰ্থ ৰাষ্ট্ৰীয় লকডাউন বলবৎ কৰাৰ পৰিপ্ৰেক্ষিতত বঙাইগাঁৱৰ ৰাজহুৱা ঈদগাহ ময়দানত উদযাপিত কৰি অহা ঈদুল ফিতৰৰ সমূহীয়া নামাজ বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বঙাইগাঁৱৰ মুছলমান সমাজে। বঙাইগাঁও চহৰৰ মুছলিম সমাজৰ সভাপতি নুৰ মহাম্মদে ব্যৱসায়িক চহৰ বঙাইগাঁৱৰ সকলো মুছলমান লোককে আগন্তুক ঈদুল ফিতৰৰ নামাজ এইবাৰ নিজ ঘৰতে পঢ়াৰ বাবে সজোৰে আহ্বান জনাইছে। বঙাইগাঁও চহৰৰ মুছলিম সমাজৰ সভাপতিগৰাকীয়ে লগতে স্ব-ধৰ্মীয় লোকলৈ আহ্বান জনাই কয় যে যিহেতু সমগ্র দেশজুৰি লকডাউন অব্যাহত আছে ,সেয়ে এই লক ডাউনত নীতি -নিয়ম উলংঘা কৰি কোনো লোকেই যাতে ঈদৰ বজাৰ কৰাৰ বাবে বজাৰত ভিৰ নকৰে । জীয়াই থাকিলে আৰু ভয়াৱহ কোৰোনা মহামাৰীৰ পৰা ৰক্ষা পৰিলে নিশ্চয় গোটেই জীৱন ঈদৰ বজাৰ কৰিব পাৰিব আৰু ঈদ উদযাপন কৰিব পাৰিব । গতিকে এইবাৰ এই দুৰ্যোগৰ সময়ত নিজৰ লগতে নিজৰ আত্মীয়, সমাজ তথা দেশ বাসীৰ সুৰক্ষাৰ স্বাৰ্থত ঈদ আৰু ঈদৰ বজাৰ ত্যাগ কৰিবলৈ সকলো মুছলমান জনগণক বিনম্র ভাৱে আহ্বান জনাইছে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা