লক ডাউনত প্ৰভাৱিত অসমৰ অভাৱী পৰিয়াল সমূহক২.৫লাখ খাদ্যৰ টোপোলা যোগান ধৰিব পেপ্সিক ইণ্ডিয়াই




ষ্টাটাৰিপৰ্টটাৰ২৬মে,,বিশ্বজনীন খাদ্য আৰু পানীয় কোম্পানী পেপ্সিক' ইণ্ডিয়াই ইয়াৰ জন কল্যাণ গোট পেপ্সিক ফাউণ্ডেচনৰে মিলিত হৈ আৰু স্মাইল ফাউণ্ডেচনৰ সহযোগত মঙলবাৰে অসমৰ গুৱাহাটীত ইয়াৰ #GiveMealsGiveHope (গিভ মিলচ্ গিভ হ'প) শীৰ্ষক গোলকীয় কাৰ্যক্ৰমৰ আৰম্ভ কৰে। আজি এই কাৰ্যসূচীৰ ফ্লেগ অফ কৰে অসম চৰকাৰৰ গুৱাহাটী উন্নয়ন বিভাগ, আইন আৰু ন্যায়, সমবায় বিভাগৰ কেবিনেট মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। ক'ৰনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ দেশৰ লগতে অসমতো বলবৎ কৰা লকডাউনত ক্ষতিগ্ৰস্ত অভাৱী লোকসকলক এই কাৰ্যক্ৰমৰ জৰিয়তে ২.৫ লাখৰো অধিক খাদ্যৰ টোপোলা যোগান ধৰা হ'ব। নুনমাটি,লখৰা, চন্দ্ৰপূৰ বাগিচা আৰু গোৱালপাৰাৰ মূল স্থানত এই কাৰ্যক্ৰম ৰূপায়ন কৰা হ'ব। এই সন্দৰ্ভত অসম চৰকাৰৰ গুৱাহাটী উন্নয়ন বিভাগ, আইন আৰু ন্যায়, সমবায় বিভাগৰ কেবিনেট মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয়"-ক'ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ প্ৰতিৰোধ কৰিবলৈ অব্যাহত থকা যুঁজখনত প্ৰথমবাৰৰ কাৰণে চৰকাৰ,ব্যক্তিগত খণ্ড আৰু ব্যক্তি একত্ৰিত  হোৱাটো প্ৰয়োজনীয় হৈ পৰিছে। এই জটিল সময়ত দৰিদ্ৰ লোকসকলৰ অভাৱ দুৰ কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। অসমৰ অভাৱী লোকসকলক সহায় কৰিবলৈ স্বেচ্ছাই আগবাঢ়ি অহাৰ কাৰণে আমি পেপ্সিক' ইণ্ডিয়াক ধন্যবাদ জ্ঞাপন কৰিছো"। আনহাতে এই সন্দৰ্ভত পেপ্সিক ইণ্ডিয়াৰ অধ্যক্ষ আহমেদ আল শ্বেখে  কয়"- অসমত স্বাস্থ্য বিভাগ আৰু চৰকাৰে ক'ভিড-১৯ ক প্ৰতিহত কৰিবলৈ বহু প্ৰচেষ্টা গ্ৰহণেৰে অগ্ৰণী ভূমিকা পালন কৰিছে। চৰকাৰৰ এই প্ৰচেষ্টালৈ বৰঙণি যোগোৱাৰ অংশ হিচাপে আমি অসমৰ দৰিদ্ৰ লোকসকলক আহাৰ যোগানেৰে সহায়ৰ হাত আগবঢ়াব খুজিছো"। আনহাতে আজিৰ অনুষ্ঠানত উপস্থিত থাকি স্মাইল  ফাউণ্ডেচনৰ সহ-প্ৰতিষ্ঠাপক আৰু ন্যায়ৰক্ষী শান্তনু মিশ্ৰই কয়"- এই ব্যৱস্থাৰ জৰিয়তে আমি পাঁচ জনীয় পৰিয়াল এটাই অতি কমেও এমাহ খাব পৰাকৈ খাদ্যৰ  একোটিকৈ টোপোলা বিতৰণ কৰিম"।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা