কৃষ্ণাই আঞ্চলিক মটৰ শ্ৰমিক সন্থাৰ সাহায্য প্ৰদান অনুষ্ঠানঃতিনি শতাধিক পৰিয়ালক খাদ্য সামগ্ৰীৰ টোপোলা প্ৰদান

গোৱালপাৰা জিলাৰ সক্ৰিয় বেচৰকাৰী সংগঠন সমূহৰ ভিতৰত কৃষ্ণাই আঞ্চলিক মটৰ শ্ৰমিক সন্থাও অন্যতম ৷ অঞ্চলটোৰ কৃতী ছাত্ৰ ছাত্ৰী সকলৰ লগতে সন্থাৰ সদস্যৰ সন্তান সকলক উচ্চ শিক্ষাৰ বাবে আৰ্থিক অনুদানসহ সম্বৰ্ধনা জনোৱা,সন্থাৰ সদস্যৰ পৰিয়ালক বিপদ কালত আৰ্থিক সাহায্য প্ৰদান কৰা আদিকে ধৰি একাধিক সমাজ হিতৈষী কাৰ্যত জড়িত শ্ৰমিক সন্থাটো ৷ উক্ত শ্ৰমিক সন্থাটোৱে ২১ মেৰ পৰা আৰম্ভ কৰিছে সন্থাৰ অন্তৰ্গত সদস্য সকলক সাহায্য প্ৰদান অনুষ্ঠান ৷ বিশেষকৈ দীঘলীয়া লক ডাউনৰ পৰিপ্ৰেক্ষিতত আৰ্থিক সংকটত ভোগা শ্ৰমিক সন্থাটোৰ সদস্য বৰ্গক এই সাহায্য প্ৰদান কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছে ৷ স্থায়ী সভাপতি পৰিতোষ সাহাৰ মাতৃ বিয়োগ ঘটা হেতুকে এই সাহায্য প্ৰদান অনুষ্ঠান পৰিচালনা কৰে উপ সভাপতি গুলজাহাৰ আলীয়ে ৷ সাধাৰণ সম্পাদক ৰহমান আলী,ধন ভড়ালী আবুল কালামকে ধৰি সন্থাৰ কেবাজনো বিষয়ববীয়া উপস্থিত থকা অনুষ্ঠান খনৰ আৰম্ভণিতে বিশ্ববাসীৰ শান্তিৰ বাবে এক মিনিট মৌন প্ৰাৰ্থনা জনোৱা হয় ৷ ইফালে উপ সভাপতি গুলজাহাৰ আলীয়ে জনোৱা মতে এই সাহায্য প্ৰদান অনুষ্ঠানত সন্থাৰ 
তিনি শতাধিক সদস্যক একোটাকৈ খাদ্য সামগ্ৰীৰ টোপোলা প্ৰদান কৰা হয় ৷ 

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, First News Report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা