হাজোৰ সনাতন ডেকাৰ ঘৰত উপস্হিত সদৌ অসম উন্নয়ন পৰিষদৰ এটা সজাতী দল

পঙ্কজ নাথ, চাংসাৰি, ২৫ মে :

হাজোৰ মনাহকুচিত এক হৄদয় বিদাৰক ঘটনাত মৃত্যুক সাবটি লবলগীয়া হোৱা পাচলি ব্যৱসায় কৰি নিজৰ পৰিয়ালৰ পোহপাল দিয়া অতি দৰিদ্ৰ ব্যক্তি প্ৰয়াত সনাতন ডেকাৰ তেতেলীয়াস্হিত বাসভৱনত আজি সদৌ অসম উন্নয়ন পৰিষদৰ এটা সজাতী দল উপস্হিত হৈ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে । বাসগৃহত গৈ সনাতন ডেকাৰ পৰিয়ালৰ লগত কথা পতাৰ পিছত পৰিষদৰ সভাপতি মৌচুম কুমাৰ উজীৰে কয় যে এগৰাকী অসমীয়া খিলঞ্জীয়া মানুহে যিয়ে নিজৰ কাম নিজে কৰি সুন্দৰকৈ খেতিবাতি কৰি শাকনি বাৰী বনাই তাৰ উৎপাদিত ফচল বিক্ৰী কৰি নিজৰ পৰিয়ালৰ পোহপাল দিছিল তেনে এজন নিচলা কৰ্মোদ্যমী লোকক এনেদৰে বৰ্বৰতাৰে হত্যা কৰা কাৰ্য্যক ধিক্কাৰ দিছোঁ । সনাতন ডেকাৰ হত্যাত জড়িত পাছ অপৰাধীৰ মুল অভিযুক্ত ফাইজুল হকৰ উপৰিও আন এজনক আজি হাজো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীৰ তৎপৰতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি অন্য পলাতক তিনি অপৰাধীক অতি শীঘ্ৰে কৰায়ত্ব কৰিবলৈ দাবী জনাই সভাপতি গৰাকীয়ে। মানুহৰূপী দানৱৰ হাতৰ পৰা সনাতন সাৰি নগল বুলি মন্তব্য কৰি এনেকৈ অামি অাৰু কিমান সনাতনক হেৰুৱাম বুলি দুখ প্ৰকাশ কৰে সভাপতি উজীৰে। তেওঁ কয় যে সনাতন ডেকাৰ মৃত্যুত পৰিয়ালটোলৈ গভীৰ সংকট নামি অাহিছে । যাৰবাবে চৰকাৰক সনাতন ডেকাৰ পৰিয়ালৰ এজনক চৰকাৰী চাকৰি আৰু এককালীন সাহাৰ্য্য প্ৰদান কৰিবৰ বাবে দাবী জনোৱাৰ লগতে দোষীক কঠোৰ শাস্তি প্ৰদান কৰিৱৰ বাবে দাৱী জনাই সংগঠনটোৱে । ইয়াৰ উপৰি অাইনী সুৰুঙাৰে যাতে দোষী সাৰি যাৱ নোৱাৰে তাৰ প্ৰতি পৰিষদে চৰকাৰ প্ৰশাসনলৈ অাহ্বান জনাই ইয়াৰ ওপৰত সংগঠনটোৱেও নজৰ ৰাখিব বুলি সদৰি কৰে। ইয়াৰ লগতে সনাতন ডেকাৰ পৰিয়ালক আইনী প্ৰক্ৰিয়াৰ বাবে সংগঠনটোৱে সকলো প্ৰকাৰৰ সহযোগীতা প্ৰদান কৰিব বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে পৰিষদৰ সভাপতি মৌচুম কুমাৰ উজীৰে। অাজি সনাতন ডেকাৰ ঘৰত উপস্থিত হোৱা সজাতী দলটোত সাংগঠনিক সম্পাদক জয়ন্ত গগৈ, সাংস্কৃতিক সম্পাদক বৈকুন্ঠ প্ৰিন্স পাঠক অাৰু কামৰূপ জিলাৰ সভাপতি পাৰ্থপ্ৰতিম বৰদলৈ অাছিল বুলি জানিবলৈ দিছে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা