কাজিৰঙাৰ কোৱাৰেনটাইন চেণ্টাৰৰ দুজন কভিড ১৯ পজিটিভ
১৮ মে’ কাজিৰঙা:
কাজিৰঙাত কোৱাৰেনটাইন হৈ থকা ব্যক্তি কভিড ১৯ পজিটিভ ৷সমগ্ৰ কাজিৰঙাৰ লগতে গোলাঘাট জিলা পুনৰ সৃষ্টি হৈছে কৰ’ণাৰ আতংক ৷ ৰেড জ’নৰ পৰা গ্ৰীণ জ’ন হোৱা গোলাঘাটত জিলাত পুনৰ কভিড ১৯ পজিটিভ হোৱাৰ খবৰে শংকিত কৰি তুলিছে কাজিৰঙাৰ লগতে জিলাখনকো৷ পজিটিভ হোৱা দুই যুৱক হ’ল গোলাঘাট জিলাৰ কাছমাৰী চৰাইমাৰীৰ ২৮ বৰ্ষীয় উৎপল বৰা আৰু ২৩ বৰ্ষীয় ৰূপম বৰা নামৰ দুই ভ্ৰাতৃ ৷ চেন্নাইত চিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত আছিল এই দুই ভ্ৰাতৃদ্বয় ৷ যোৱা ১৬ মে’ৰ দিনা চেন্নাইৰ পৰা শ্ৰমিক স্পেচিয়েল ট্ৰেইনত আহি গুৱাহাটী ষ্টেচনত নামিছিল তেওঁলোকৰ লগতে গোলাঘাট জিলাৰ বহু ঠাইৰ আৰু ২৩ জন লোক ৷গোলাঘাট প্ৰশাসনে গুৱাহাটীৰ পৰা বাছেৰে আনি কাজিৰঙাৰ কঁহৰাস্থিত অসম পৰ্যটন নিবাস অৰণ্যত কোৱাৰেনটাইন কৰি ৰাখিছিল এই দুই ভ্ৰাতৃদ্বয়ৰ লগতে আন ২৩ জন ব্যক্তিকো ৷ অসম পৰ্যটনৰ অৰণ্য নিবাসত কোৱাৰেনটাইন হৈ থকা এই দুই ভ্ৰাতৃদ্বয়কে ধৰি সম্পূৰ্ণ ২৫ জন ব্যক্তিৰে সংগ্ৰহ কৰা নমুনাৰ ফলাফলত আজি এই দুই ভ্ৰাতৃদ্বয়ৰ কভিড ১৯ পজিটিভ অহাৰ বাদে বাকী ২৩ জনৰে ফলাফল নিগেটিভ আহে ৷ এই ফলাফল অহাৰ লগে লগে কভিড ১৯ ত আক্ৰান্ত উৎপল বৰা আৰু ৰূপম বৰা নামৰ কাছমাৰী চৰাইমাৰীৰ এই দুই যুৱকক এখন ১০২ গাড়ীৰে গোলাঘাটৰ আইছলেশ্বন ৱাৰ্ডলৈ স্থানান্তৰিত কৰা হয় ৷ ৰেল যাত্ৰাত তেওঁলোকৰ সৈতে একেটা ডবাতে আৰু ১৩ জন লোক অসমলৈ অহাৰ বিষয়ে টেলিফোনিক বাৰ্তালাপত জানিবলৈ দিয়ে কভিড ১৯ পজিটিভ ২৮ বৰ্ষীয় উৎপল বৰাই ৷ ৰেল যাত্ৰাত তেওঁৰ কাষতে বহি অহা যোৰহাট তিতাবৰৰ ল’ৰাজনকো ইতিমধ্যে কভিড ১৯ পজিটিভ পোৱা গৈছে ৷
উৎপলে লগতে জানিবলৈ দিয়ে যে ২০১৫ চনতেই চেন্নাই অভিমুখে ৰাওনা হোৱাৰ পাছত আৰু এবাৰো নিজ গৃহলৈ অহা নাছিল যদিও এইবাৰ কাম চলি থকাৰ মাজতো চেন্নাইত কৰ’ণাৰ অধিক ভয়াবহতা দেখিয়েই ১২ মে’ৰ দিনা নিজ গৃহলৈ উভতি আহিছিল দুই ভ্ৰাতৃ ৷ কাজিৰঙাৰ কোৱাৰেনটাইন চেণ্টাৰত থকা কালত থকা-খোৱাকে ধৰি কোনোধৰণৰ অসুবিধাৰ সন্মুখীন হব লগা হোৱা নাছিল বুলিও টেলিফোনিক বাৰ্তালাপত সাংবাদিকক জনালে কভিড১৯ পজিটিভ উৎপল বৰাই ৷
সম্প্ৰতি এই দুই যুৱকৰ কভিড১৯ পজিটিভ হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে আতংকিত কৰি তুলিছে কাজিৰঙাবাসীক ৷ কোৱাৰেনটাইন চেণ্টাৰ স্থাপনক লৈ পুৰ্বৰে পৰা শংকিত হৈ থকা কাজিৰঙাবাসীয়ে ক্ৰমাগতভাৱে বৃদ্ধি পোৱা বহিঃৰাজ্যৰ একাধিক ব্যক্তিৰ আগমনত আৰু বেছি শংকিত হৈ পৰা পৰিলক্ষিত হৈছে ৷
উল্লেখ যে ,যোৱা ১৫ মে’ত বহিঃৰাজ্যৰ পৰা অসমলৈ অহা প্ৰথমটো গোলাঘাটৰ এটা ৯ জনীয়া দলক আনুসাংগিক সকলোবোৰ পৰীক্ষা- নিৰীক্ষাৰ অন্ততঃ সন্তোষজনক ফলাফল পোৱাৰ বাবেই আজি কোৱাৰেনটাইন চেণ্টাৰৰ পৰা নিজ নিজ ঘৰলৈ যাবৰ বাবে অনুমতি দিয়া হয় বুলি জনালে বোকাখাত মহকুমাৰ মহকুমাধিপতি বিবেক শ্যামে ৷ ৯ জনীয়া এই দলটোৰ কোৱাৰেনটাইন চেণ্টাৰ কৰা হৈছিল অসম পৰ্যটনৰ বনশ্ৰী নিবাসত ৷
Comments
Post a Comment