কামৰূপৰ মদনপুৰত স্থাপন হৈ থকা টোলগেট বন্ধ ৰখাৰ দাবীৰে কামৰূপ জিলা উপায়ুক্তৰ হাতত স্মাৰক পত্ৰ প্ৰদান পূব কামৰূপ ছাত্ৰ সন্থাৰ


পঙ্কজ নাথ, চাংসাৰি, ২৯ মে:

কামৰূপ জিলাৰ চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত মদনপুৰস্থিত মদাৰতলা বিদ্যাপীঠ হাইস্কুলৰ সন্মুখত টোলগেট স্থাপনৰ তীব্ৰ বিৰোধিতা কৰিছে পূব কামৰূপ ছাত্ৰ সন্থাই । আজি পূব কামৰূপ ছাত্ৰ সন্থাৰ এটি সজাতি দলে মদনপুৰত নিৰ্মীয়মান টোলগেট বন্ধ ৰখাৰ দাবীৰে কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীক এখন স্মাৰক পত্ৰ প্ৰদান কৰে । উল্লেখ্য যে চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত মদনপুৰত নিৰ্মীয়মান অৱস্থাত থকা টোলগেট খনৰ কাম ইতিমধ্যে ৯৫ শতাংশ সম্পূৰ্ণ হৈছে । মদাৰতলা বিদ্যাপীঠ হাইস্কুলৰ ৩১নং ৰাষ্ট্ৰীয় পথৰ সন্মুখত নিৰ্মাণ কৰা টোলগেট বন্ধ কৰাৰ দাবীত বিদ্যালয়খনৰ  ছাত্ৰ একতা সভাই  ইতিপূৰ্বে সৰব হৈ উঠিছিল । যোৱা মাৰ্চ মাহতে পহিলা সপ্তাহতে মদাৰতলা বিদ্যাপীঠ হাইস্কুলৰ ছাত্ৰ একতা সভাই টোলগেট স্থাপনৰ বিৰোধিতা কৰি পূব কামৰূপ ছাত্ৰ সন্থাক অবগত কৰিছিল যদিও লক ডাউনৰ বাবে পুব কামৰূপ ছাত্ৰ সন্থাই কোনো কাৰ্য্যপন্থা হাতত লোৱা নাছিল । আজি পূব কামৰূপ ছাত্ৰ সন্থাই বিদ্যালয়ৰ সন্মুখত টোলগেট স্থাপনে ছাত্ৰ- ছাত্ৰীৰ শৈক্ষিক পৰিবেশত যথেষ্ট বাধাৰ সৃষ্টি কৰিব বুলি সদৰি কৰি ইয়াৰ উপযুক্ত ব্যৱস্থা হাতত লবৰ বাবে মুখ্যমন্ত্ৰীক দাবী জনাই কামৰূপ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। পূব কামৰূপ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মৃনাল ডেকাই প্ৰকাশ কৰা মতে বিদ্যালয় খনত প্ৰায় ২৫০গৰাকী ছাত্ৰ ছাত্ৰী আছে । ইয়াৰ ভিতৰত ৫০শতাংশ ছাত্ৰ ছাত্ৰী ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ বিদ্যালয়লৈ অহা যোৱা কৰে। এনে স্থলত টোলগেট স্থাপনে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশত বিৰূপ প্ৰভাৱ পৰিব বুলি দাবী কৰিছে পূব কামৰূপ ছাত্ৰ সন্থাই । যাৰ বাবে  জিলা উপায়ুক্তৰ জৰিয়তে প্ৰদান কৰা স্মাৰক পত্ৰত পূব কামৰূপ ছাত্ৰ সন্থাই টোলগেট নিৰ্মাণৰ তীব্ৰ বিৰোধিতা কৰিছে । অন্যহাতে, আঞ্চলিক ছাত্ৰ সংগঠনটোৱে  এই দাবী ফলপ্ৰসূ নহ'লে স্থানীয় ৰাইজ,আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সহযোগত গনতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে । পূব কামৰূপ ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰদীপ কুমাৰ ডেকা, উপসভাপতি ভীষ্ম প্ৰতিম ডেকা, সাধাৰণ সম্পাদক মৃনাল ডেকা, সহঃ সাধাৰণ সম্পাদক নিতুমনি কুমাৰ আৰু শিক্ষা সম্পাদক চিৰঞ্জীব নাথকে ধৰি এটি সজাতি দলে জিলা উপায়ুক্তৰ কাৰ্যালয়ত এই স্মাৰক পত্ৰখন প্ৰদান কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা