ভৱানীপুৰৰ প্ৰথমজন ক'ভিড-১৯ প'জিটিভ ব্যক্তি চিনাক্ত

সঞ্জীৱ দাস, ভৱানীপুৰ, ২৯ মে': বৰপেটা জিলাৰ বিভিন্ন ঠাইত ক'ভিড-১৯ প'জিটিভ ব্যক্তি চিনাক্ত হোৱাৰ পাছতেই কালি  ভৱানীপুৰৰ প্ৰথম গৰাকী লোকৰ দেহত ক'ভিড-১৯ প'জিটিভ চিনাক্ত হোৱাত এতিয়া শংকিত হৈ পৰিছে ভৱানীপুৰবাসী ৰাইজ। উল্লেখ্য যে, ভৱানীপুৰৰ চৌধুৰীপাৰা  গাঁৱৰ খৰ্গেশ্বৰ শীল নামৰ লোকজন কিছুদিন আগত বহিঃৰাজ্যৰ পৰা ঘৰলৈ উভতাত তেওঁক কয়াকুছি মহাবিদ্যালয়ত স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা হৈছিল আৰু প্ৰতিষ্ঠানিক কোৱাৰেণ্টাইন শেষ হোৱাৰ পিছত হোম কোৱাৰেণ্টাইনলৈ তেওঁক স্থানান্তৰিত কৰে, কিন্তু হঠাৎ যেতিয়া তেওঁৰ স্বাব পৰীক্ষাত ক'ভিড-১৯ প'জিটিভ ধৰা পৰে কালি নিশাৰ ভাগত চিকিৎসাকৰ্মীৰ এটি দল তেওঁৰ ঘৰত উপস্থিত হৈ তেওঁক বৰপেটা মেডিকেল কলেজত ভৰ্তি কৰে। উক্ত ঘটনাই সমগ্ৰ বৰপেটা জিলাৰ লগতে বৃহত্তৰ ভৱানীপুৰ অঞ্চলৰ জনমানসত তীব্ৰ চাঞ্চল্য আৰু আতংকৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, খৰ্গেশ্বৰ শীল চেন্নাইত বহু বছৰ ধৰি কৰ্মৰত আছিল। ইপিনে, কয়াকুছি মহাবিদ্যালয়ত স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰত খৰ্গেশ্বৰ শীলৰ লগতে কালি পাঠশালাৰ ৩ নং ৱাৰ্ডৰ নিশান্ত মেধি আৰু শালবাৰীৰ চেংলিমাৰি গাঁৱৰ খৰ্মান্দৌ বড়োৰ দেহতো ক'ভিড-১৯ প'জিটিভ পোৱা যায়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা