ডিব্ৰুগড়ত জাকাত এণ্ড ইমদাদ ফাউণ্ডেচনৰ সামগ্ৰী বিতৰণ

চাবুৱাঃ ডিব্ৰুগড়ৰ কেন্দ্ৰীয় জাকাত এণ্ড ইমদাদ ফাউণ্ডেচনে আজি (সোমবাৰ)ডিব্ৰুগড়ৰ পল্টন বজাৰত থকা কাৰ্যালয়ত এইবছৰৰ বাবে জাকাতৰ( দান) সামগ্ৰী সমূহ বিতৰণৰ শুভাৰম্ভ কৰে। ২০০৮ চনতে তেতিয়াই ডিব্ৰুগড়ত জাকাত এণ্ড ইমদাদ ফাউণ্ডেচন নাম দি এটি কুৰি জনীয়া ট্ৰাষ্ট গঠন কৰিছিল প্ৰয়াত ৰিয়াজুল হুছেইনে আৰু তেতিয়াৰ পৰাই প্ৰতিবছৰে এই জাকাত বা দান সমাজৰ গৰিব দুখীয়াৰ মাজত বিতৰণ কৰি আহিছে।প্ৰতিবছৰে এই জাকাতৰ ধন শিক্ষা,স্বাস্থ্য আদি শিতানত ব্যয় কৰাৰ লগতে দুখীয়াক ঘৰ বান্ধি দিয়া,দোকান বনাই দিয়া,পঢ়ি থকা ছাত্ৰ ছাত্ৰীক উচ্চ শিক্ষা প্ৰদান কৰা,ৰিক্সা, ঠেলা আদি কিনি দি স্বাৱলম্বী কৰি তোলাই হৈছে এই জাকাতৰ মুখ্য উদ্দেশ্য। জাকাত হৈছে ইছলামৰ পঞ্চ স্তম্ভৰ অন্যতম। সমাজৰ ধনী ব্যক্তি সকলে তেওঁলোকৰ আয়ৰ এটি ক্ষুদ্ৰ অংশ গৰিব, দুখীয়া বা অসহায় ব্যক্তিৰ  বাবে দিয়াটো বাধ্যতামূলক আৰু ই পৱিত্ৰ কোৰাণ চৰিফৰ নিৰ্দেশ। সেয়েহে ট্ৰাষ্টি সকলে এই জাকাতৰ ধন ধনী ব্যক্তিৰ পৰা সংগ্ৰহ কৰে ।এই বছৰ সমগ্ৰ বিশ্বৰ লগতে আমাৰ দেশতো ক'ৰণা ভাইৰাছে বা কোভিন-১৯ এ যি আতংক ময় পৰিস্থিতিৰ সৃষ্টি কৰিছে সেই ভয়াবহতা লৈ চাই আৰু চৰকাৰী লক ডাউনৰ প্ৰতি লক্ষ্য ৰাখি লগতে সামাজিক দূৰত্ব বজাই ৰাখি জাকাত এণ্ড ইমদাদ ফাউণ্ডেচন ট্ৰাষ্টিয়ে এইবাৰ সমাজৰ গৰিব দুখীয়া সকলক  চাউল,দাইল, মিঠাতেল, চুজি,আটা, খেজুৰ, ছেৱাই,চেনি আদিকে ধৰি প্ৰায় সোতৰ বিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ এটিকৈ টোপোলা প্ৰায় ৩৫০ জন দুখীয়া হিতাধিকাৰীক ঘৰে ঘৰে দিয়াৰ ব্যৱস্থা কৰে ।আগন্তক  ঈদু ফিটৰৰ দিনা খন যাতে পৰিয়ালৰ সকলোৰে সৈতে মিলি এসাঁজ খাব পাৰে তাৰ বাবে নগদ ধনৰ পৰিৱৰ্তে এই বছৰ খাদ্য সামগ্ৰী দিয়াৰ সিদ্ধান্ত লোৱা হয় । সেই উদ্দেশ্যে আজি ডিব্ৰুগড়ৰ পল্টন বজাৰত থকা কাৰ্য্যালয়ত জাকাত বিতৰণৰ শুভাৰম্ভ কৰে জাকাত এণ্ড ইমদাদ ফাউণ্ডেচনৰ সভাপতিৰ ডাক্তৰ চাজিদ আহমেদে। ইয়াত উপস্থিত থাকে ট্ৰাষ্টৰ ফালৰ পৰা সম্পাদক নাচিৰ চুলতান, আৰু কুৰি জনীয়া    ট্ৰাষ্টিৰ হৈ অন্যান্য সদস্য ক্ৰমে আব্দুল চাজিদ, নাচিমূল গণি, এম হাচিম আলী, নেজীৱ হুছেইন চাবৰী ,নাৰুল আখতাৰ হুছেইন, নাছেৰ আহমেদ আদি ট্ৰাষ্টিৰ সদস্য সকলে।উল্লেখযোগ্য যে ইয়াৰে ইমদাদ ফান্দৰ ধন অন্যান্য সম্প্ৰদায়ৰ লোককো বিভিন্ন সময়ত স্বাস্থ্য, শিক্ষা আদিৰ বাবে দি প্ৰতিবছৰে  সহায় কৰি থকা হৈছে। এই সম্পৰ্কে জাকাত এণ্ড ইমদাদ ফাউণ্ডেচনৰ সভাপতি ডাক্তৰ চাজিদ আহমেদে কয় যে সমাজৰ অসহায় লোক সকলক আমি হিন্দু মুছলিম বাছ বিচাৰ নকৰি  যিমান পাৰোঁ ফ্ৰী মেডিকেল, আৰু কৰ্কট বা কেঞ্চাৰ ৰোগী সকলক চিকিৎসা প্ৰদান কৰাৰ লগতে টকা পইচাৰে সহায় কৰি উপকৃত কৰিছো আৰু কৰি যাম এইয়াই আমাৰ মুখ্য উদ্দেশ্য।প্ৰতিবছৰে একোগৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা জাকাত আৰু ইমদাদৰ ধন আৰু সামগ্ৰী বিতৰণ কৰি অহা হৈছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা