হাতে হাতে প্লে কাৰ্ড লৈ চৰকাৰলৈ কাতৰ অনুৰোধ সৌন্দৰ্য্য বিশেষজ্ঞ -কৰ্মচাৰীৰ

লকডাউনে জুৰুলা কৰিছে বিউটি পাৰ্লাৰৰ মালিক তথা কর্মচাৰীকঃ হাতে হাতে প্লে কাৰ্ড লৈ চৰকাৰলৈ কাতৰ অনুৰোধ সৌন্দৰ্য্য বিশেষজ্ঞ -কৰ্মচাৰীৰ



 ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ , ২৬ মে : বর্তমান ৰাজ্যত চলি আছে চতুৰ্থ পৰ্যায়ৰ লকডাউন । পূর্বৰ প্রথম, দ্বিতীয় , তৃতীয় আৰু চতুৰ্থ পৰ্যায়ৰ বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠনক লকডাউনত প্ৰদান কৰা হৈছে যথেষ্ট শিথিলতা । শ্রমজীৱি লোকৰ বাবে ই এক সকাহ । কিন্তু, ইয়াৰ মাজতে একাংশ ব্যৱসায়ীৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা , সংস্থাপনৰ অভাৱত এতিয়া অমানিশা নামিছে সৌন্দৰ্য বিশেষজ্ঞ আৰু কর্মচাৰীৰ জীৱনলৈ । তেওঁলোকে বিউটি পাৰ্লাৰ অর্থাৎ সৌন্দৰ্য বিশেষজ্ঞ সকলৰ লগতে তেওঁলোকৰ কর্মচাৰী সকলে এই বৃত্তিৰে নিজে সংস্থাপিত হৈ একো একোখন পৰিয়াল পোহ পাল দি জীৱন নিৰ্বাহ কৰিছিল ।
ল'ক ডাউনৰ বাবে বিগত দুমাহ ধৰি বন্ধ হৈ আছে বিউটি পাৰ্লাৰ সমূহ । একোখন বিউটি পাৰ্লাৰ খুলি জীৱিকা উপাৰ্জন কৰি থকা পুৰুষ, মহিলা উভয়ে এতিয়া সন্মুখীন হৈছে বিভিন্ন সমস্যাৰ ।  
ল'ৰা ছোৱালীৰ পঢ়া-শুনা, পাৰ্লাৰ গৃহৰ ভাড়া, ব্যৱসায়িক ঋণ আদি বিভিন্ন সমস্যাৰে ভাৰাকান্ত সন্মুখিন হৈ পৰিয়ালৰ ভৰণ পোষণত অসুবিধাৰ সৃষ্টি কৰিছে এই সকল সোন্দৰ্য বিশেষজ্ঞৰ |
সেয়ে আজি হাতে হাতে প্লেকার্ড লৈ বিউটি পাৰ্লাৰ মালিক তথা কর্মচাৰীয়ে  চৰকাৰ প্ৰশাসনক কাতৰ অনুৰোধ জনাইছে ,  তেওঁলোকৰ এই পেছাটোৰ প্রতি বিশেষভাৱে গুৰুত্ব আৰোপ কৰি শীঘ্ৰে যি কোনো ব্যৱস্থা গ্ৰহণ কৰি লকডাউনত জুৰুলা হোৱা এই পৰিয়াল সমুহক ৰক্ষা কৰিবলৈ ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা