বহিঃৰাজ্যৰ পৰা উভতি অহা যুৱক-যুৱতীলৈ সহায় আগবঢ়াবলৈ 'Help Youth Assam'ৰ ৱেবচাইট মুকলি

ফাৰ্ষ্ট নিউজ ৰিপৰ্ট  শিৱসাগৰ , ২৩ মে’ : কৰ'না ভাইৰাছৰ সংক্ৰমন সমগ্ৰ বিশ্ববাসীৰ সন্মুখত এক বৃহৎ প্ৰত্যাহ্বান  । যাৰ ফলত লাখ লাখ লোক ক্ষতিগ্ৰস্থ হৈছে । এই সময়ছোৱাতে আমাৰ ৰাজ্যৰ যিসকল লোক বহিঃৰাজ্যত গৈ বিভিন্ন কৰ্মত নিয়োজিত হৈ আছিল । তেওঁলোকো আজি নিজ ৰাজ্যলৈ উভতি আহিব লগীয়া  হৈছে । প্ৰাণৰ সংশয় তথা বহিঃঃৰাজ্যত কৰ্মহীনহৈ নিজ ৰাজ্যলৈ উভতি অহা যুৱক-যুৱতী সকলক সংস্থাপনৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়োৱাৰ লগতে চৰকাৰক সহযোগিতা কৰাৰ উদ্দেশ্যে এটি ৱেবচাইট মুকলি কৰিছে ‘Help Youth Assam’ য়ে।  আজি বিয়লি ৪ বজাত শিৱসাগৰ জিলা পৰিষদৰ পুৰণি কাৰ্য্যালয়ৰ সভাগৃহত শিৱসাগৰ জিলা পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি মাউতে চুইচ টিপি www.helpyouthassam.in নামৰ ৱেবচাইটটি শুভ আৰম্ভণি কৰে । অনুষ্ঠানটোত উপস্থিত থাকে গ্ৰামীন জীৱিকা অভিযানৰ শিৱসাগৰ জিলাৰ প্ৰকল্প প্ৰৱন্ধক ড° সুৰজজ্যোতি গগৈ, সমাজ কৰ্মী ব্ৰজেন ফূকন আৰু এচ আই আৰ ডিৰ প্ৰকল্প সহায়ক প্ৰমোদ গোহাঁইকে ধৰি সংবাদ কৰ্মী সকল । অনুষ্ঠানটোৰ আঁতধৰে ‘হেল্প য়ুথ আচাম’ৰ হৈ দেৱজ্যোতি বৰুৱাই । এই ৱেব চাইটৰ জৰিয়তে বৰ্তমান বহিঃৰাজ্যৰ পৰা উভতি অহা নিবনুৱা সকলে প্ৰ-পত্ৰ পৃৰণ কৰি সংস্থাপনৰ ক্ষেত্ৰত সহযোগিতা লাভ কৰিব পাৰিব বুলি অনুষ্ঠানটোৱে সদৰি কৰে ।অনুষ্ঠানত জিলা পৰিষদৰ সভাপতি ধুব্ৰজ্যোতি মাউতে আজি অনুষ্ঠানটিয়ে দেশবাসীৰ সংকটৰ সময়ত গ্ৰহণ কৰা এই  মহৎ পদক্ষেপক সৰ্বস্তৰৰ ৰাইজে সহযোগিতা আগবঢ়াবৰ বাবে ৰাইজক আহ্বান জনাই। উল্লেখ্য যে ৱেবচাইটটি মুকলি কৰাৰ লগে লগে বহি ৰাজ্যৰ পৰা অহা বহু যুৱক যুৱতীয়ে ইতিমধে আবেদন কৰাৰ কথাও জানিব পৰা গৈছে |

শিৱসাগৰৰ পৰা অপূৰ্ব্ব ভূঞা ফাৰ্ষ্ট নিউজ ৰিপৰ্ট

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা