ডিব্ৰুগড়ৰ পঞ্জীয়ন বিভাগৰ প্ৰতি পঞ্জীয়ক, সমাজ সেৱক জেহিৰ উদ্দিন আহমেদৰ মৃত্যু

চাবুৱাঃডিব্ৰুগড়ৰ নালিয়াপুল নিবাসী পঞ্জীয়ন বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰতিপঞ্জীয়ক, জ্যোষ্ঠ অধিবক্তা জেহিৰ উদ্দিন আহমেদৰ যোৱা নিশা ( মঙ্গলবাৰ)১১ বজাত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭২ বছৰ।১৯৪৮ চনত ডিব্ৰুগড়ত জন্ম গ্ৰহণ কৰা আহমেদ পঞ্জীয়ক হিচাবে অসমৰ বিভিন্ন ঠাইত চাকৰি সূত্ৰে কাৰ্যনিৰ্বাহ কৰি ২০০৭ চনত অৱসৰ গ্ৰহণ কৰে। তেওঁৰ পিতৃ আছিল ছাহাবুদ্দিন আহমেদ আৰু মাতৃ আছিল জেইবুন নেছা । এম এ,এল এল বি  ডিগ্ৰী ধাৰী আহমেদ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছিল আৰু ইয়াৰ ভিতৰত ডিব্ৰুগড় উকীল সন্থাৰ প্ৰাক্তন সম্পাদক,কেন্দ্ৰীয় ঈদগাহ কমিটিৰ প্রাক্তন সভাপতি, মুছাফিৰ খানা বিবাহ ভৱনৰ সভাপতি, ডিব্ৰুগড় জিলা হজ কমিটিৰ সদস্য, অসম জামিউল উলুম মাদ্ৰাছাৰ সভ্য, সদৌ অসম কাজী নিৰ্বাচিত কমিটিৰ কাৰ্যবাহী সদস্য ইত্যাদি আছিল অন্যতম। ২০০১১ চনত তেওঁ পৰিয়ালৰ সৈতে হজ্বব্ৰত সমাপন কৰি আহে।এগৰাকী অতি ধৰ্মপ্ৰাণ ব্যক্তি,  সহজ সৰল,পৰপকাৰী, মৰমিয়াল তথা সকলোৰে মাজত নাইছকা নামে পৰিচিত জেহিৰ উদ্দিন আহমেদৰ  মৃত্যুত বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। ইয়াৰ ভিতৰত ডিব্ৰুগড় জাকাত এণ্ড ইমদাদ ফাউণ্ডেচন, গ্ৰেহেম বজাৰত থকা কেন্দ্ৰীয় ঈদ গাহ কমিটি,অসম জামিউল উলুম মাদ্ৰাছা, চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজ, নালিয়াপুল মছজিদ কমিটি, নালিয়াপুল মুছাফিৰ খানা কমিটি, নালিয়াপুল কবৰ স্থান কমিটি, আমোলাপট্টী ঈদগাহ আৰু কবৰ স্থান কমিটি, ডিব্ৰুগড় জিলা ঈমাম পৰিষদ,ডিব্ৰুগড় জমিয়ত উলামা আদিৰ উপৰিও বিভিন্ন গুণমুগ্ধই আলহজ জেহিৰ উদ্দিন আহমেদৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।মৃত্যুৰ সময়ত তেওঁৰ পত্নীৰ উপৰিও দুজন পুত্ৰ আৰু বোৱাৰীৰ লগতে পৰিয়ালৰ অনেক সদস্যক ইহ সংসাৰত এৰি যায়। লক ডাউনৰ পৰিপ্ৰেক্ষিতত আজি সীমিত সংখ্যক গুণগ্ৰাহীৰ উপস্থিতিত নালিয়াপুল কবৰ স্থানত তেওঁৰ জানাজা নামাজ সম্পন্ন কৰা হয়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা