শিৱসাগৰত মূখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোনোৱাল ঃ বুজ ললে কৰোনাৰ যুজৰ সম্পৰ্কত জিলাখন কেনেদৰে সাজু

ফাৰ্ষ্ট নিউজ ৰিপৰ্ট  শিৱসাগৰ , ২৪ মে : আজি শিৱসাগৰত অসমৰ মূখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোনোৱাল কেইমুহুত্বমানৰ বাবে উপস্থিত হৈ বুজ ললে কৰোনাৰ সম্পৰ্কত জিলাখনে কেনেদৰে সাজু হৈ আছে | মূখ্যমন্ত্ৰী গৰাকীয়ে জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্য্যালয়ত উপস্থিত হৈ কৰোনাৰে যুজখনত অসমে আৰু অধিক সমস্যা গ্ৰহণ কৰিবলৈ প্ৰস্তুত হৈ থাকিব লাগিব বুলি মন্তব্য আগবঢ়োৱাৰ লগতে অসমত আগন্তুক বান পৰিস্থিতিৰ বাবেও যথেষ্ঠ সমস্যাৰ বাবে সাজু হব লাগিব | এই লৈ অসমৰ প্ৰতি জিলাতে জিলা উপায়ুক্ত জৰিয়তে প্ৰশাসনৰ একোটাকৈ গোট গঠন কৰা হৈছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কয় যে ভাৰতবৰ্ষৰ প্ৰধান মন্ত্ৰীৰ ২০ হাজাৰ কোটি টকাৰ পেকেজৰ যোগে অসমে বহু ক্ষেত্রতে সকাহ পাব বুলি উল্লেখ কৰে | তদুপৰি কৰোনাৰ এই ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজে চৰকাৰৰ সকলো নীয়ম মানি পুৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনোৱাৰ লগতে চৰকাৰৰ নীয়ম উলংঘা কৰা সকলৰ ক্ষেত্রত চৰকাৰ কঠো হব বুলি জানিবলৈ দিয়ে | কৰোনাৰ ভয়াবহতা অধিক হলেও জনসাধাৰণ কোনো কাৰণতে সংকিত হোৱাৰ প্ৰয়োজন নহব যদিহে চৰকাৰক ৰাইজে কৰোনাৰ সম্পৰ্কে চৰকাৰে নিৰোপন কৰা নীতি নীয়ম সম্পুৰ্ণ মানি সহযোগিতাৰে যুজখন কৰিবলৈ সুবিধা প্ৰদান কৰে | মূখ্যমন্ত্ৰীৰ এই ভ্ৰমনত সহযোগিতা আগবঢ়ায় ৰাজহ মন্ত্ৰী যোগেন মহন , সাংসদ তপন গগৈ , বিজেপি ৰাজ্যিক সম্পাদক ভবেন্দ্ৰ নাথ মহন , জিলা বিজেপি সভানেত্রী সুৰভী ৰাজকোঁৱৰীয়ে |

শিৱসাগৰৰ পৰা অপূৰ্ব্ব ভূঞা ফাৰ্ষ্ট নিউজ ৰিপৰ্ট |

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা