পশ্চিম নলবাৰীত আকৌ মহানুভৱতা* *যুৱ কংগ্ৰেছৰ উদ্যোগত কাকত বিতৰকৰ মাজত খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ*

ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১৯ মে'*



পশ্চিম নলবাৰী অঞ্চলৰ ধৰ্মপুৰ সমষ্টিৰ যুৱ কংগ্ৰেছৰ তৰফৰ পৰা চামতাস্থিত পশ্চিম নলবাৰী প্ৰেছ ক্লাৱ প্ৰাঙ্গণত ৰবিবাৰে ধৰ্মপুৰ আঞ্চলিক বাতৰি কাকত বিতৰক সন্থাৰ অধীনৰ প্ৰায় অৰ্ধশতাধিক কাকত বিতৰক (হকাৰ)ৰ মাজত বিভিন্ন খাদ্য সামগ্ৰীৰ টোপোলা আৰু মাস্ক বিতৰণ কৰে । আনহাতে, বৃহত্তৰ পশ্চিম নলবাৰী অঞ্চলৰ সংবাদসেৱীসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি সংবাদসেৱীসকলৰ মাজত চেনিটাইজাৰ, মাস্ক আৰু হেণ্ডগ্ল'ভ্চ বিতৰণ কৰি কংগ্ৰেছৰ যুৱ সংগঠনটোৱে মহানুভৱতাৰ পৰিচয় দিয়ে । উল্লেখ্য, ক'ৰোনা সংক্ৰমণ ৰোধৰ বাবে দেশ তথা ৰাজ্যত অব্যাহত থকা লক্ ডাউনৰ সময়তো বাতৰি কাকত বিতৰকসকলে অধিক কষ্টৰে নিয়মীয়া গ্ৰাহকসকলক নিজ নিজ ঘৰতে নিষ্ঠাৰে কাকত যোগান ধৰি আহিছে । এনে দুৰ্যোগপূৰ্ণ সময়ত যুৱ সংগঠনটোৱে সামাজিক দূৰত্ব বৰ্তাই ৰাখি কালি ধৰ্মপুৰৰ ৫২ গৰাকী কাকত বিতৰকক আলু, পিয়াঁজ, মিঠাতেল, চেনী, নিমখ, চাবোন, মাস্ক আদিৰ টোপোলা প্ৰদান কৰি তেওঁলোকলৈ কিছু সহায়ৰ হাত আগবঢ়ায় । অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভাপতি ৰাতুল পাটোৱাৰীৰ তত্বাৱধানত সম্পন্ন হোৱা এই সামগ্ৰী বিতৰণৰ কাৰ্যসূচীত ধৰ্মপুৰ সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি ইমদাদুল হ'ক প্ৰমুখ্যে অন্যান্য বিষয়ববীয়া, সদস্যসকলে পূৰ্ণ সহযোগিতা আগবঢ়ায় ।

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা