জামুগুৰিহাটত চেনিটাইজ ৰক্তদাতা(এইচবিএছ) স্বেচ্ছাসেৱী সংগঠণৰ

জামুগুৰিহাটত চেনিটাইজ ৰক্তদাতা(এইচবিএছ) স্বেচ্ছাসেৱী সংগঠণৰ৷
#অগ্নিনিৰ্বাপক বাহিনীয়েও চেনিটাইজ কৰে কোৱাৰেন্টাইন চেন্টাৰ৷

ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,২৪ মে':  কৰ’নাৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পোৱাৰ সময়তে মহামাৰীৰ এই সংক্ৰমণ ৰোধ কৰাৰ বাবে কালি জামুগুৰিহাটৰ ব্যৱসায়িক কেন্দ্ৰস্থলৰ দোকান-পোহাৰ,বেংক প্ৰতিস্থান,আৰক্ষী থানা,চিকিৎসালয়,পৰিদৰ্শন বঙলাকে আদি কৰি সকলোবোৰ স্থান চেনিটাইজ কৰে ৰক্তদাতা(এইচবিএছ) নামৰ স্বেচ্ছাসেৱী সংগঠণটিয়ে৷শোণিতপুৰ জিলাৰ ভিন্ন প্ৰান্তত কৰ’নাৰ সংক্ৰমণ ৰোধ কৰাৰ স্বাৰ্থত উপায়ুক্তৰ নিৰ্দেশ লৈ স্বেচ্ছাসেৱী সংগঠণটোৱে এইদৰে চেনিটাইজ কৰি আহিছে জনসমাগম এলেকাসমুহ৷মহামাৰীৰ ৰূপ লোৱা কৰ’নাৰ ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ স্বাৰ্থত এসপ্তাহ পূৰ্ৱেও স্বেচ্ছাসেৱী সংগঠণটিয়ে জিলাখনৰ ভিন্ন প্ৰান্তৰ লগতে তেজপুৰৰপৰা আহি জামুগুৰিহাটত এইদৰেই চেনিটাইজ কৰাৰ লগতে জৰুৰীকালিন সেৱাৰ লগত জড়িত লোকসকলৰ লগতে জনসাধাৰণক মাস্ক চেনিটাইজৰ বিতৰণ কৰা আৰু ৰাইজক সজাগ সচেতন কৰিবৰ বাবে চৰকাৰী নীতি নিয়ম সম্বলিত টোকাৰ বেনাৰ দেৱাল পোষ্টিৰিঙকে ধৰি কেবাটাও কাৰ্যসুচী গ্ৰহণ কৰিছিল৷ইয়াৰোপৰি বহি:ৰাজ্যৰপৰা আহি কোৱাৰেন্টাইন চেন্টাৰত থকা যুৱক যুৱতীসকলৰ বাবেও চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ জৰিয়তে তিনিশ মাস্ক আৰু চেনিটাইজৰ প্ৰদান কৰে স্বেচ্ছাসেৱী সংগঠণটোৱে৷অন্যহাতে আজিও জামুগুৰি অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মচাৰীসকলে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ নিৰ্দেশত বাৰেচহৰীয়া সামুহিক ভৱণত থকা কোৱাৰেন্টাইন চেন্টাৰ চেনিটাইজ কৰাৰ লগতে জামুগুৰি ব্যৱসায়িক কেন্দ্ৰস্থলটোও চেনিটাইজ কৰে৷উল্লেখ্য যে জামুগুৰি বাৰেচহৰীয়া সামুহিক ভৱণটোত বৰ্তমান বহি:ৰাজ্যৰপৰা উভতি অহা ৩০ জনৰো অধিক যুৱক কোৱাৰেন্টাইন হৈ আছে৷জোন বৰা,জামুগুৰিহাট।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা