টোলগেট সমূহ অবিলম্বে বন্ধ কৰা সহ অন্যান্য দাৱীত ৰঙিয়াত এছ এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

প্ৰতিবেদক, ৰঙিয়া ৩০ মেঃ ৰাজ্যৰ সাংবাদিক সকলৰ দৰমহা তথা সামাজিক সুৰক্ষা সুনিশ্চিত কৰা, প্ৰধান মন্ত্ৰী কৃষক সম্মান নিধিৰ দুৰ্নীতি আৰু বিজেপি কৰণৰ উচিত তদন্ত কৰা, ব্যক্তিগত খণ্ডত কৰ্মৰত শ্ৰমিক সকলৰ বৃত্তিগত লগতে  সামাজিক সুৰক্ষা সুনিশ্চিত কৰা, অখিল গগৈ, দেবাংগনা কলিতা সহ আটকাধীন  কা বিৰোধী নেতা সকলক বিনা চৰ্তে মুক্তি দিয়া, সনাতন কলিতাৰ হত্যাকাৰীক উপযুক্ত শাস্তি দিয়া লগতে পৰিয়ালক আৰ্থিক ক্ষতিপূৰন দিয়া, কোৱাৰেন্টাইন চেন্টাৰৰ পৰা ওভতাৰ পথত ৰঙিয়া পীতাম্বৰ হাট বজালীৰ দিল মহম্মদ আলীক দুৰ্বৃত্তই আক্ৰমণ কৰি মাৰধৰ কৰা ঘটনাৰ উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰা আৰু অবৈধ ভাৱে নিৰ্মান কৰা টোল গেট সমূহ অবিলম্বে বন্ধ কৰা সহ অন্যান্য দাৱীৰ সমৰ্থনত আজি ভাৰতীয় ছাত্ৰ ফেডাৰেশ্বন ( এছ এফ আই) আৰু ভাৰতীয় গণতান্ত্ৰিক যুৱ ফেডাৰেশ্বনৰ(ডি ৱাই এফ আই) কামৰূপ জিলা সমিতিয়ে ৰঙিয়া চক্ৰ বিষয়াৰ কাৰ্যালয়ত সামাজিক দূৰত্ব বজায় ৰাখি  এক বিক্ষোভ  কাৰ্যসূচী ৰূপায়ন কৰে। কাৰ্যসূচীৰ অন্তত সংগঠন দুটাই চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু ৰঙিয়াৰ স্থানীয় বিধায়কক পৃথক  স্মাৰক পত্ৰ প্ৰেৰণ কৰে। এই সন্দৰ্ভত সংগঠন দুটাই প্ৰচাৰ কৰা এক যুটিয়া বিবৃতিত দীপক মহন্ত (ডি ৱাই এফ আই) আৰু মিন্টু আহমেদে(এছ এফ আই) এক চাঞ্চ্যলকৰ  অভিযোগ উত্থাপন কৰি কয় যে, দেশত তলা বন্ধ চলি থকাৰ সময়ত কেন্দ্ৰীয় চৰকাৰে প্ৰকৃত কৃষকৰ বাবে প্ৰবৰ্তন কৰা কৃষক সম্মান নিধি আৰু ৰেচন কাৰ্ড নথকা পৰিয়ালক বিনামূলীয়া চাউল আৰু এহেজাৰ টকা বিতৰণৰ ক্ষেত্ৰত ব্যপক দুৰ্নীতি হৈছে। অকল সেয়াই নহয় এই আঁচনি সমূহক গেৰুৱা কৰন কৰি এক লেতেৰা ৰাজনীতি কৰা হৈছে। কৃষি মন্ত্ৰী অতুল বৰাই তদন্তৰ নিৰ্দেশ দিছে যদিও সেয়া তদন্তৰ নামত  ভেকোঁভাওনাত পৰিণত হোৱা বুলি বিবৃতিত উল্লেখ কৰা হয়। তলা বন্ধৰ গইনা লৈ  বিভিন্ন সংবাদ পত্ৰ, আলোচনী তথা বৈদ্যুতিন  সংবাদ মাধ্যমত কৰ্মৰত কৰ্মীৰ লগতে ব্যক্তিগত খণ্ডৰ কৰ্মচাৰী  সকলক চাকৰীৰ পৰা অব্যাহতি দিয়াৰ দৰে জঘন্য ঘটনা ও সংঘটিত হৈছে। অসমৰ এটা বৈদ্যুতিন মাধ্যমৰ সাংবাদিক ৰঞ্জিতা ৰাভা গৰ্ভৱতী হোৱাৰ আছিলা লৈ তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰা কাৰ্য্যক সংগঠন দুটাৰ তৰফৰ পৰা তীব্ৰ গৰিহণা দিয়াৰ লগতে এয়া দুৰ্যোগ প্ৰশমন আইনৰ পৰিপন্থী বুলি বিবৃতিত উল্লেখ কৰা হয়।দিল্লী আৰক্ষীয়ে 'কা'আৰু সাম্প্ৰদায়িক সংঘৰ্ষৰ বিৰুদ্ধে মাত মতা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰী দেবাংগনা কলিতা আৰু অসম আৰক্ষীয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক পৰিকল্পিত ভাৱে ভুৱা গোচৰত  গ্ৰেপ্তাৰ কৰা কাৰ্য্যক বিবৃতিত তীব্ৰ গৰিহণা দিয়া হয় লগতে কা অন্দোলনৰ লগত জড়িত আটকাধীন সকলো নেতাক বিনাচৰ্তে মুক্তি দিয়াৰ দাবী জনায়। হাজোৰ পাচলী বিক্ৰেতা সনাতন ডেকাৰ নৃশংস হত্যাৰ লগত জড়িত সকলৰ বিচাৰ ফাৰ্স্টট্ৰেক আদালতৰ জৰিয়তে কৰি দোষীক উপযুক্ত শাস্তিৰ দাবী জনোৱা হয়। লগতে সনাতন ডেকাৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ বাবে দলৰ তৰফৰ পৰা চৰকাৰক দাবী জনোৱা হয়। ইপিনে উত্তৰ গুৱাহাটীৰ আই আই টিত কোৱাৰেন্টাইনৰ পৰা ঘৰলৈ ওভতি যোৱাৰ সময়ত একাংশ দুৰ্বৃত্তই ৰঙিয়া পীতাম্বৰ হাট বজালীৰ দিল মহম্মদ আলীক আক্ৰমণ কৰি আহত কৰাৰ উপৰিও তেওঁক বিভিন্ন আপত্তিজনক শব্দ প্ৰয়োগ কৰি গালি গালাজ কৰা  ঘটনাটোত সংগঠন দুটাৰ তৰফৰ পৰা তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হয়। এই ঘটনাত জড়িত দুৰ্বৃত্ত সকলক আটক নকৰাত বিবৃতিত গভীৰ আশ্চর্য প্ৰকাশ কৰা হয়। বিবৃতিত দুৰ্বৃত্ত সকলক আটক কৰি কঠোৰ শাস্তি দিয়াৰ দাবী জনোৱা হয়।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা