অসমীয়াৰ গামোছাক প্ৰশংসা কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মেঘৱালৰ
ষ্টাফৰিপ'ৰ্টাৰ,,,,১৮ মে। পুৰ্বোওৰ প্ৰাদেশিক মাৰৱাৰী সন্মিলনৰ সভাপতি মধুসূদন চীকৰিয়াই ১৭ মে (২০২০)ত কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মেঘৱালৰ সৈতে ভিডিও কন্ফাৰেন্স যোগে কথা বাৰ্তাত মিলিত হয়। অখিল ভাৰতীয় মাৰৱাৰী সন্মিলনৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত বৈশ্বিক পৰিবেশত বিভিন্ন দিশত সলনি হৈ থকা বিষয়কলৈ আলোচনা কৰা হয়। প্ৰসংগক্ৰমে পুপ্ৰামা সন্মিলনৰ সভাপতি চীকাৰিয়াই মাৰৱাৰী সন্মিলনে জন সাধাৰণৰ বাবে আগবঢ়োৱা বিভিন্ন জনসেৱাৰ আঁচনিৰ বিষয়ে মন্ত্ৰী ডাঙৰীক অৱগত কৰে।লগতে মাৰৱাৰী সন্মিলনৰ বিভিন্ন শাখা আৰু প্ৰশাসনৰ সহযোগত বহিঃৰাজ্যৰ লোক সকলক নিজ নিজ ৰাজ্যত পঠিয়াই সহযোগিতা আগবঢ়োৱাৰ কথা উল্লেখ কৰে। প্ৰায় ডেৰঘন্টা চলি থকা উক্ত বাৰ্তাত মন্ত্ৰী গৰাকীয়ে অসমৰ শিপিনীৰ হস্তনিৰ্মিত অসমীয়া জাতিৰ জাতীয় সত্বাৰ প্ৰতীক ফুলাম গামোচা পৰিধান কৰা দেখি চীকাৰিয়াই তেওঁৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।মাননীয় মন্ত্ৰী গৰাকীয়ে অসমীয়া ফুলাম গামোচাৰ প্ৰতি তেওঁৰ চেনেহ, শ্ৰদ্ধাৰ লগত গামোচাৰ গুনগত মন্তব্য অসমবাসীৰ মন মুহি লৈছে বুলি চীকৰীয়াই ভিডিও কন্ফাৰেন্স যোগেদি তেওঁক আদৰণি জনায়। মাৰৱাৰী সম্প্ৰদায়ৰ লোক সকলৰ দ্বাৰা কৰ'নাৰ সংকটত বিপদগ্ৰস্ত লোক সকলক সকলো ধৰনৰ জৰুৰীকালীন সেৱা আগবঢ়োৱাৰ লগতে সমাজৰ ব্যৱসায়ী, ধৰ্মীয়, শৈক্ষিক সন্থাৰ লগতে ব্যক্তিগত ভাৱে কৰ'না মহামাৰীৰ লগত যুঁজ দিয়াৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক ১০ কোটিৰ অধিক টকাৰ বৰঙণি আগবঢ়োৱাৰ কথাও সদৰি কৰে। বিভিন্ন ঠাইত মাৰৱাৰী সমাজৰ দ্বাৰা সুৰক্ষাকৰ্মী, চাফাইকৰ্মীৰ লগতে নিতৌ হাজাৰ হাজাৰ জৰুৰী লোক সকলৰ বাবে খোৱা খাদ্যৰ ব্যবস্থা অব্যাহত থকা বুলি মন্ত্ৰী ডাঙৰীয়াক জনাই। পুৰ্বোওৰ প্ৰান্তত অত্যাৱশকীয় সামগ্ৰীৰ সৰবৰাহ কৰাৰ দিশতো নিজৰ কৰ্তব্য পালন কৰাৰ লগতে মাৰৱাৰী সম্প্ৰদায়ৰ অধীনত সঞ্চালিত ৰাজহুৱা প্ৰতিষ্ঠানবোৰো জৰুৰী লোক সকলৰ থকাৰ বাবে প্ৰশাসনক অকল গতাই দিয়াই নহয় বৰঞ্চ সকলো ধৰনৰ খোৱা বোৱাৰ সুবিধাও অনুষ্ঠানৰ সংশ্লিষ্ট কৃতপক্ষৰ দ্ধাৰা কৰি দিয়াৰ কথাও শ চীকাৰিয়াই মন্ত্ৰী গৰাকীক জনাই। মানৱ সেৱাৰ সকলো কাৰ্য্যত মাৰৱাৰী সন্মিলনৰ লগতে মাৰৱাৰী সমাজৰ যুৱক আৰু মহিলা সংগঠনেও বিশেষ অৰিহণা যোগাইছে । ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন, পুলিচ প্ৰশাসন, চিকিৎসাকৰ্মী, মিডিয়াকৰ্মীৰ লগতে চাফাইকৰ্মীৰ সকলো দিশত আগবঢ়োৱা অদ্ভুত সেৱাৰ প্ৰতি শলাগ জনাই চীকাৰিয়াই অৱশেষত মাননীয় মন্ত্ৰী অৰ্জুন মেঘৱালক সংকটৰ সময়ত পুৰ্বোওৰ বাসীৰ লগত সম্পৰ্ক ৰাখি সকলো কথাৰ বুজ লোৱাৰ বাবে তেওঁৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।
Comments
Post a Comment