নলবাৰীত বিজেপিৰ আই টি চেলক শক্তিশালী কৰাৰ অংগীকাৰ জয়ন্ত বৰুৱাৰ

১২০ গৰাকী শিল্পীক খাদ্যসাহায্য প্ৰদান*


*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২১ মে'*


ফটো আছে = 

বিজেপিৰ আই টি চেল নলবাৰীৰ তত্বাৱধানত এখন গুৰুত্বপূৰ্ণ মত বিনিময় হৈ যায়। জিলা বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা অনুষ্ঠানত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ তথা গেৰুৱা দলটোৰ ৰাজ্যিক মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱা, আই টি চেলৰ ৰাজ্যিক বিষয়ববীয়া জিতাংকুৰ দাস, হেমন্ত বৰুৱা, বিজেপিৰ জিলা সভাপতি ডা৹ মৃগাংক তালুকদাৰ, আই টি চেলৰ জিলা তত্বাৱধায়ক তৌফিকুল হক চৌধুৰী, মৃগাংক দাসসহ জিলাখনৰ আঠটা মণ্ডলৰ অন্তৰ্গত আই টি চেলৰ নতুন তথা বছা বছা বহুসংখ্যক কৰ্মী উপস্থিত থাকে। জিলা বিজেপিৰ সম্পাদক নন্দলাল সৰকাৰে আঁত ধৰা অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱাই কয় যে নলবাৰীৰ আই টি চেলক পুৰণিৰ লগত আৰু নতুন কৰ্মীক এক কৰি শক্তিশালী কৰাৰ অংগীকাৰ প্ৰতিজনে দায়িত্ব ল'ব লাগিব। বিশেষকৈ  বিৰোধী কংগ্ৰেছে মুখেৰে নক'লেও মনেৰে ভাবিবলৈ বাধ্য হয় যে বিজেপিৰ আই টি চেলৰ যথেষ্ট বৌদ্ধিক পৰিপক্কতা আছে। আমাৰ আই টি চেলৰ সকলোৱে চ'ছিয়েল মিডিয়াত যুক্তি দাঙি ধৰি বিৰোধী পক্ষক থান বান কৰিব লাগিব। তেতিয়া আমি সাংগঠনিকভাবে শক্তিশালী হোৱাৰ লগতে নতুন প্ৰজন্মই বিজেপিৰ প্ৰতি আকৰ্ষিত হ'ব বুলি দোহাৰে। তদুপৰি বৰ্তমানে
চলি থকা লক্ ডাউনত বিপদত পৰা ৰাইজক স্থানীয় বিধায়ক, সাংসদ তথা জিলা বা মণ্ডল সমিতিৰ পৰামৰ্শৰ ভিত্তিত আই টি চেলৰ সদস্যসকলক সহযোগ কৰিবলৈও তেওঁ আহ্বান জনায়। ইফালে নলবাৰীৰ জনপ্ৰিয় শিল্পী অমৰ কিৰণে জনোৱা মতে বিজেপি নেতা জয়ন্ত মল্ল বৰুৱাই জিলাখনৰ ১২০ গৰাকী উপাৰ্জনমূখী সংগীত শিল্পী আৰু বাদ্যযন্ত্ৰী শিল্পীক খাদ্য সামগ্ৰী যোগান ধৰে। বৰুৱাৰ মহানুভৱতাক শিল্পী সকলে কৃতজ্ঞতা জ্ঞাপন কৰে।


*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা