জলসম্পদ বিভাগৰ প্ৰতি অসন্তুষ্ট বিধায়ক অশোক শৰ্মা

জলসম্পদ বিভাগ নিদ্ৰাত*
*নলবাৰীৰ বৰমুৰিকোণাত মথাউৰি পৰিদৰ্শন কৰি অসন্তুষ্ট  বিধায়কৰ মন্ত্ৰীলৈ ফোন*


*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২১ মে'*

 

ৰাজ্যৰ ভগ্নপ্ৰায় মথাউৰিসমূহ নিৰ্মাণৰ কাম তৰান্বিত কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই বিগত দিনত কঠোৰ নিৰ্দেশ দিয়াৰ পিছতো নলবাৰী জিলাৰ বিভিন্ন ঠাইত মথাউৰি নিৰ্মাণৰ কাম আজিও সম্পূৰ্ণ হোৱা নাই যাৰ বাবে অঞ্চলবাসী ৰাইজে পুনৰ বাৰিষা আৰম্ভ হোৱাত বানক লৈ চিন্তিত হৈ পৰিছে। ৰাইজৰ অভিযোগ অনুসৰি নলবাৰী জলসম্পদ বিভাগৰ বাৰিষা হে যেন ৰাইজলৈ মনত পৰে। বিভাগটোৱে প্ৰতিবছৰে ততাতয়াকৈ মথাউৰিৰ কাম সম্পন্ন কৰি খীৰতি গাইত পৰিণত কৰি এচাম বিষয়া কৰ্মচাৰী, ঠিকাদাৰৰ  মুনাফাৰস্থলি কৰাৰো অভিযোগ তোলে।  মঙ্গলবাৰে তেনে ৰাজহুৱা অভিযোগক সন্মান জনাই নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই বিজেপি নেতা ধ্ৰুৱজ্যোতি দত্ত, মৃন্ময় চক্ৰৱৰ্তী, প্ৰণৱ কুমাৰ ডেকা, ৰুবুল ডেকা, নীহাৰ ভড়ালীসহ কেইবাজনৰ সৈতে জিলাখনৰ পূৱ নলবাৰীৰ বৰমুৰিকোণাৰ পাগলাদিয়া নদীৰ ভগ্নপ্ৰায় মথাউৰি পৰিদৰ্শন কৰি অসন্তুষ্ট হৈ পৰে। বিধায়কগৰাকীৰ পৰিদৰ্শনৰ কথা অৱগত হৈ নলবাৰী জলসম্পদৰ কাৰ্যবাহী অভিযন্তা প্ৰতুল পাটোৱাৰীসহ বিভাগৰ এছ ডি অ' উপস্থিত হয়। পিছত মথাউৰিৰ পৰাই বিধায়ক শৰ্মাই ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তক টেলিফোনযোগে অৱগত কৰি নলবাৰী সমষ্টিৰ ভগ্ন মথাউৰিকেইটা বাৰিষা অধিক নহওঁতেই  নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ লগতে ধন মুকলি কৰি দিবলৈ ৰাইজৰ হৈ অনুৰোধ জনায়। মন্ত্ৰীয়ে কাৰ্য ব্যৱস্থা লোৱা হ'ব বুলি আশ্বাস দিয়ে। ইফালে নলবাৰী জলসম্পদ বিভাগক মথাউৰি নিৰ্মাণত হেমাহি নকৰিবলৈ বিধায়কগৰাকীয়ে কঠোৰ নিৰ্দেশ দিয়ে। ৰাইজে বিধায়কগৰাকীৰ পৰিদৰ্শনক প্ৰশংসা কৰে। 


*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা