এক হাজাৰ লোকক ৰাখিব পৰাকৈ সাজুহৈ উঠিছে চতিয়া সমষ্টিৰ পাঁচটাকৈ কোৱাৰেন্টাইন চেন্টাৰ

বহি:ৰাজ্যৰপৰা অহা ১৬ গৰাকী যুৱক উপস্থিত জামুগুৰিহাটত।

ফাৰ্ষ্ট নিউজ, জামুগুৰিহাট,১৯ মে:কৰ'ণা ভাইৰাচে আনি দিয়া বিভীষিকাময় পৰিস্থিতিৰ মাজতে বহি:ৰাজ্যত কৰ্মৰত ১৬গৰাকী চতিয়া সমষ্টিৰ যুৱক আজি পুৱা ৮ বজাত জামুগুৰিহাটত উপস্থিত হয়হি।তামিলনাডুত কৰ্মৰত চতিয়া সমষ্টিৰ যুৱক কেইগৰাকী বাছ যোগে পুৱা ৮ বজাত জামুগুৰিহাটত উপস্থিত হোৱাৰ পাছত আটাইকেইগৰাকী যুৱককে জামুগুৰি পৰিপূৰক স্বাস্থ্য কেন্দ্ৰলৈ লৈ অহা হয় আৰু চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ দলে যুৱক কেইজনক স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত স্থাপন কৰা কোৱাৰেন্টাইন চেন্টাৰলৈ প্ৰেৰণ কৰা হয়।নদুৱাৰ ৰাজহ চক্ৰ বিষয়া আকাশদ্বীপ কাকতি,নদুৱাৰ উন্নয়ণ্ড খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া ৰাজীৱ বৰা,চিকিৎসক ডা° হৰেণ শইকীয়া,স্বাস্থ্য কৰ্মী আৰু জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মানিক বৰমুদৈৰ উপস্থিতিত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই এই সমগ্ৰ প্ৰক্ৰিয়াটো তদাৰক কৰাৰ লগতে বহি:ৰাজ্যত কৰ্মৰত হৈ বৰ্তমান ঘৰলৈ ঘুৰি অহা সমষ্টিটোৰ প্ৰতিগৰাকী ব্যক্তিয়েই যাতে কোৱাৰেন্টাইন চেন্টাৰত ৰখাৰ সময়ত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ তীক্ষ্ণ নজৰ ৰাখি সকলো ব্যৱস্থা সম্পূৰ্ণ কৰি তোলাৰ বাবে তদাৰক কৰে।বিধায়ক গৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়া মতে চতিয়া সমষ্টিৰ প্ৰায় ছয় হাজাৰৰো অধিক লোক বহি:ৰাজ্যত কৰ্মৰত হৈ আছে আৰু এই সকলৰ ভিতৰত এতিয়া প্ৰায় চাৰি হাজাৰ মান লোকে সমষ্টিলৈ ঘুৰি অহাৰ বাবে যোগাযোগ কৰিছে৷জটিল পৰিস্থিতিৰ সময়ত ঘৰলৈ ঘুৰি অহি কোৱাৰেন্টাইন চেন্টাৰত প্ৰথম ১৪ দিন থকাৰ সময়ত ব্যক্তিসকলে খাদ্য,পানী,বিজুলী বাটিকে ধৰি যাতে একো ক্ষেত্ৰতেই যাতে সমস্যাত নপৰে তাৰ প্ৰতি গুৰুত্ব দি কোৱাৰেন্টাইন চেন্টাৰসমুহ সকলো ফালৰ পৰাই সাজু কৰি তোলা হৈছে৷বিধায়ক গৰাকীয়ে আৰু জানিবলৈ দিয়া মতে সমষ্টিৰ নাগশংকৰ হাইস্কুল,জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়,ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়,বাৰেচহৰীয়া সামুহিক ভৱণকে,চাৰিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়কে  ধৰি কেইবাটাও স্থানত ইতিমধ্যেই বহি:ৰাজ্যৰ পৰা অহা লোকসকলক ৰাখিবৰ বাবে অস্থায়ীভাৱে কোৱাৰেন্টাইন চেন্টাৰ স্থাপন কৰা হৈছে ।এই কোৱাৰেন্টাইন চেন্টাৰ সমুহত এক হাজাৰ লোকক ৰাখিব পৰা যাব আৰু যিহেতু বহি:ৰাজ্যৰ পৰা ঘুৰি অহা লোকসকল ভাগে ভাগে সমষ্টিলৈ আহিব গতিকে বহি:ৰাজ্যৰ পৰা অহা ৪/৫ হাজাৰ লোকক এই কোৱাৰেন্টাইন চেন্টাৰত ৰাখিব পৰা যাব বুলিও বিধায়ক গৰাকীয়ে মন্তব্য কৰাৰ লগতে যুদ্ধকালীন প্ৰস্তুতিৰে কামত অগ্ৰসৰ হৈছে বুলিও জানিব দিছে বিধায়ক পদ্ম হাজৰিকাই৷
জোন বৰা,জামুগুৰিহাট ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা